Dhyan Chand

আজি হকীৰ যাদুকৰ, ক্ৰীড়াবিদ ধ্যানচান্দৰ ওপজা দিন। অভূতপূৰ্ব ক্ৰীড়া শৈলীৰে ক্ৰীড়াৰ ইতিহাসত নাম খোদিত কৰি থৈ যোৱা ধ্যনচান্দৰ জন্ম হৈছিল ১৯০৫ চনৰ ২৯ আগষ্টত এলাহাবাদত। সাৰধা সিং আৰু সমেশ্বৰ সিঙৰ ঔৰষত জন্মগ্ৰহণ কৰা ধ্যানচান্দৰ পিতৃয়েও ব্ৰিটিছ আৰ্মীৰ হৈ খেলিছিল হকী।

ধ্যানচান্দে ১৯২৮, ১৯৩২ আৰু ১৯৩৬ চনত ভাৰতৰ হৈ অলিম্পিকত সোণৰ পদক আনিবলৈ সক্ষম হৈছিল হকী খেলুৱৈগৰাকীয়ে। তেখেতৰ অভূতপূৰ্ব পাৰদৰ্শিতাৰ বাবে ভাৰতে ১৯২৮ চনৰ পৰা ১৯৬৪ চনলৈকে মুঠ ৮ খন হকী খেলত পদক জিনিবলৈ সক্ষম হৈছিল।