Vaccine

ভেকচিন নোলোৱা লোকসকলৰ বিৰুদ্ধে কঠোৰ অসম চৰকাৰ। আজিৰে পৰা প্ৰযোজ্য হ'ল No Vaccine, No Entry।

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতে আজিৰে পৰা ৰাজ্যত প্ৰযোজ্য হ'ল ভেকচিন নোলোৱা লোকসকলৰ বাবে নতুন বিধি। ক'ভিডৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। ভেকচিন গ্ৰহণ নকৰা লোকসকলে কোনো চৰকাৰী কাৰ্য্যালয়, ৰাজহুৱা স্থান আৰু হাস্পতাললৈ যাব নোৱাৰিব।