
আমাৰ চাৰিওফালে থকা বস্তুবোৰৰ নিজা শক্তি থাকে। এই বস্তু তথা শক্তিয়ে এজন লোকৰ জীৱনত অতি গভীৰ প্ৰভাৱ পেলায়। বাস্তু শাস্ত্ৰত এই সন্দৰ্ভত ভালদৰে উল্লেখ কৰা আছে। এই শাস্ত্ৰৰ নিৰ্দেশনা অনুসৰি যদি এই ক্ষেত্ৰত যত্ন লোৱা নহয়, তেন্তে ই পৰিয়ালৰ সদস্যসকলৰ জীৱনলৈ বহু সমস্যা লৈ আহে।
ইয়াৰ উপৰিও, শোৱাৰ সময়ত কৰা ভুলবোৰেও আপোনাৰ জীৱনত সমস্যাৰ সৃষ্টি কৰিব পাৰে। বাস্তুৰ মতে ৰাতি শোৱাৰ আগতে বিচনাৰ ওচৰত ৰখা এই বস্তুবোৰে আপোনাৰ ভাগ্য নষ্ট কৰিব পাৰে।
পিছে জানো আহক কি কি বস্তু -
১. পানীৰ বটল :
বহুত মানুহে ৰাতি শুৱাৰ সময়ত পানীৰ বটল বিচনাৰ ওচৰত ৰাখে। কিন্তু বাস্তু শাস্ত্ৰ মতে এনে কৰাটো অশুভ বুলি গণ্য কৰা হয়। মূৰৰ আশে-পাশে বা তলত পানীৰ বটল ৰাখিলে চন্দ্ৰ দেৱে কষ্ট পায়। ই ঋণাত্মক শক্তি উৎপন্ন কৰে আৰু বিভিন্নধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। গতিকে গাৰুৰ ওচৰত পানীৰ বটল লৈ কেতিয়াও ৰাখিব নালাগে।
২. কিতাপ বা বাতৰি কাকত :

বহু লোকৰ অভ্য়াস আছে যে ৰাতি শুবলৈ যোৱাৰ আগতে বিছনাত গৈ কিতাপ বা বাতৰি কাকত পঢ়ে। যেতিয়া টোপনি লাগে তেতিয়া গাৰুৰ তলত থৈ শুই যায়। বাস্তু শাস্ত্ৰৰ মতে, এই কিতাপ-বাতৰি কাকত আদিক গাৰুৰ ওচৰত ৰাখিলে মা সৰস্বতীক অপমান কৰা হয়। এনে কৰাৰ ফলত কেৰিয়াৰত বাধা আহে।
৩. জুঠা বাচন :
বহুলোকৰ শোৱাৰ সময়ত চাহ, কফি বা গাখীৰ খোৱাৰ অভ্যাস আছে। ৰাতি টোপনি যোৱাৰ আগতে এইসমূহ খাই কাপ বা গিলাচটো বিচনাখনৰ ওচৰতে ৰাখি থয়। কিন্তু জুঠা বাচন-বৰ্তন বিচনাৰ ওচৰত থ’লে ঘৰখনলৈ দৰিদ্ৰতা আহে আৰু ৰাতি বেয়া সপোন আহে। গতিকে আজিয়েই এৰক এই অভ্যাস ।
৪. সোণ-ৰূপ :
ৰাতি শুৱাৰ সময়ত কেতিয়াও সোণ বা ৰূপৰ অলংকাৰ খুলি গাৰুৰ তলত থ’ব নালাগে। ই আপোনাৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে প্ৰগতিকো প্ৰভাৱিত কৰে।
৫. লেতেৰা কাপোৰ :

বহুলোকে দিনত পিন্ধা লেতেৰা কাপোৰ ৰাতি খুলি বিচনাত থৈ দিয়ে। কিন্তু বাস্তু বিশ্বাস অনুসৰি, এনে কৰাটো অতি অশুভ। এনে কৰাৰ ফলত ঘৰখনলৈ নেতিবাচকতা আহে আৰু ৰাতি বেয়া সপোন দেখাৰ সম্ভাৱনা থাকে।
৬. ইলেক্ট্ৰনিক সামগ্ৰী :

ইলেক্ট্ৰনিক সামগ্ৰীবোৰো বিচনাখনৰ ওচৰত ৰাখিব নালাগে। এই বস্তুবোৰৰ দ্বাৰা নিৰ্গত শক্তিয়ে ঘৰটো নেতিবাচকতাৰে ভৰাই তুলিব পাৰে। এই শক্তিও আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয়। সেয়েহে, বিচনাৰ ওচৰত ইলেক্ট্ৰনিক সামগ্ৰী ৰখাটো শুভ বুলি গণ্য কৰা নহয়।
৭. জোতা বা চেণ্ডেল :
বাস্তু শাস্ত্ৰ অনুসৰি কেতিয়াও জোতা বাা চেণ্ডেল বিছনাৰ আশে-পাশে বা মূৰৰ ফালে থ’ব নালাগেষ কাৰণ জোতা-চেণ্ডেল বাহিৰৰ পৰা অনা যায়। ই নেতিবাচক প্ৰভাৱ পেলায়। আপোনাৰ টোপনিও ক্ষতি কৰিব পাৰে বা আৰ্থিকভাবেও কষ্ট পাব পাৰে।
- Log in to post comments