মা লক্ষ্মীক সন্তুষ্ট কৰাৰ কেইটামান উপায়, যি কৰিলে কেতিয়াও অভাৱ নহয় টকা-পইচাৰ ; পিছে জানো আহক কি কি উপায়?

laxi

লক্ষ্মী মাক ধন-সম্পত্তিৰ দেৱী বুলি গণ্য কৰা হয়। লক্ষ্মী মা ভক্তৰ প্ৰাৰ্থনাত সন্তুষ্ট হ’লে কেতিয়াও সেইজন ভক্তৰ ধনৰ অভাৱ হ’বলৈ নিদিয়ে। সেই লোকজনৰ ঘৰত মা লক্ষ্মীৰ কৃপাত সুখ-সমৃদ্ধি বৰ্তি থাকে। সেয়েহে মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ সকলোৱে বিচাৰে।

বাস্তু শাস্ত্ৰৰ মতে ৰাতিপুৱা উঠি কিছুমান বিশেষ কাম কৰিলে মা লক্ষ্মী অতি সোনকালে ভক্তসকলৰ প্ৰতি সন্তুষ্ট হয়। আজি এই বিষয়ে আমি ক’বলৈ ওলাইছো।

পিছে জানো আহক কি কি কাম কৰিলে লক্ষ্মী মা সন্তুষ্ট হয় -


১. সূৰ্য দেৱতাক পানী আগবঢ়াওঃ

surya

পুৱা সোনকালে উঠি গা ধুই তামৰ পাত্ৰ এটাত পানী ভৰাই লওক। আৰু সেই পানীখিনিত অলপমান সেন্দুৰ আৰু ফুল মিহলি কৰি সৃৰ্য দেৱতাক আগবঢ়াওক। বিশ্বাস কৰা হয় যে, এনে কৰিলে সূৰ্য দেৱতাৰ লগতে মা লক্ষ্মীৰো কৃপা লাভ হয় ।

২. ঘৰটো পৰিস্কাৰ কৰি ৰাখিবঃ

home

ঘৰটো পৰিস্কাৰ হৈ থাকিলে মা লক্ষ্মী সুখী হয়। সেয়েহে ৰাতিপুৱা উঠিয়েই ঘৰতো পৰিস্কাৰ কৰিহে বেলেগ কামত হাত দিব লাগে। লোকবিশ্বাস যে, পৰিস্কাৰ ঠাইতহে মা লক্ষ্মী বাস কৰে। গতিকে সদায়ে আপোনাৰ ঘৰটো পৰিস্কাৰ কৰি ৰাখিব।

৩. চাকি-বন্তি জ্বলাবঃ

diya

ৰাতিপুৱা সোনকালে উঠি গা ধুই ঘৰৰ মূল প্ৰৱেশদ্বাৰত ঘিউৰ চাকি জ্বলাব। শাস্ত্ৰত উল্লেখ থকা মতে, ঘৰৰ মূল দুৱাৰত ঘিউৰ চাকি জ্বলালে ঘৰখনত দেৱ-দেৱীসকলে বাস কৰে।এনে কৰাৰ ফলত ঘৰৰ নেতিবাচকতা আঁতৰ হোৱাৰ লগতে আৰু মা লক্ষ্মীৰো আশীৰ্বাদ লাভ কৰিব পাৰি। মূল প্ৰৱেশদ্বাৰত চাকি জ্বলালে বাস্তু ত্ৰুটিবোৰো আঁতৰ হয়।

৪. তুলসীত পানী ঢালিবঃ

water

বিশ্বাস কৰা হয় যে দেৱী লক্ষ্মী তুলসীত বাস কৰে। সেয়েহে তুলসীৰ গুৰিত পানী আগবঢ়ালে ঘৰলৈ সুখ আৰু সমৃদ্ধি আহে। তুলসীত পানী আগবঢ়োৱাৰ সময়ত ‘ওম ভাগৱতে বাসুদেৱ্য নমহঃ’ মন্ত্ৰ জপ কৰিব।

৫. হাতৰ তলুৱালৈ চাবঃ

hand

ৰাতিপুৱা উঠিয়েই প্ৰথমতে হাতৰ তলুৱালৈ চাব। এনে কৰোতে ‘ওম কাৰ্গ্ৰে বস্তে লক্ষ্মী কাৰত সৰস্বতী কাৰ্মুলে তু গোবিন্দা প্ৰভাতে কাৰদৰ্শনমৰ’ মন্ত্ৰ জপ কৰক। এইটো বিশ্বাস কৰা হয় যে, সকলো গ্ৰহ আৰু দেৱ-দেৱী হাতৰ তলুৱাত বাস কৰে, সেয়েহে হাতৰ তলুৱালৈ চালে সকলো দেৱ-দেৱীৰে দৰ্শন লাভ কৰিব পাৰি।

Category
Profile picture for user UB Photos