"বিজেপিয়ে মণিপুৰক লৈ ভোট-বেংকৰ ৰাজনীতি কৰি আছে" এই মন্তব্য সমাজবাদী পাৰ্টিৰ অধ্যক্ষ অখিলেখ যাদৱৰ

manipur

নতুনকৈ গঠিত হোৱা বিৰোধী মিত্ৰজোঁট 'INDIA'-এ কেৱল উত্তৰ প্ৰদেশৰ পৰাই নহয়, সমগ্ৰ দেশৰ পৰা বিজেপিক নিঃশেষ কৰিব বুলি দাবী কৰে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে । বুধবাৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত তীব্ৰ আক্ৰমণ চলাই সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে । 

akhlesh

লগতে তেওঁ দাবী কৰি কয় যে বিজেপি বিৰোধী মিত্ৰতাক লৈ উদ্বিগ্ন হৈ আছে। বিৰোধী মৰ্চাৰ ইণ্ডিয়া নামটোকলৈও শংকিত হৈ পৰিছে। বিজেপি ২০১৪ চনত শাসনলৈ আহিছিল আৰু ইয়াক ২০২৪ চনত পেকিং পঠিয়াই দিয়া হ'ব। তেওঁ কয় যে মিত্ৰজোঁটৰ নাম - ইণ্ডিয়াই - "আমাৰ সংস্কৃতি আৰু ভাতৃত্ববোধৰ বাৰ্তাক বুজায়"।

২০২৪ চনত বিজেপি শাসনলৈ আহিবলৈ সকলো চেষ্টায়েই কৰি আছে। বিজেপিয়ে শংকিত হৈ হিংসাৰ পথ বাছি লোৱা বুলিও দাবী কৰে সমাজবাদী পাৰ্টিৰ অধ্যক্ষ গৰাকীয়ে । 

লগতে তেওঁ মণিপুৰ সন্দৰ্ভত কিছু বিস্ফোৰক মন্তব্য আগবঢ়াই "মণিপুৰৰ হিংসাও বিজেপিয়ে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। যাৰ বাবে মণিপুৰ জ্বলি আছে।" মণিপুৰৰ দুই মহিলাক উলংগ কৰি পেৰেড কৰা ঘটনা সন্দৰ্ভটো মন্তব্য প্ৰদান কৰি যাদৱে কয় যে, সেই মহিলাসকলৰ লগত শাসকীয় দলে কথা পাতিব লাগে। যদি কথা নাপাতে তেন্তে বিশ্বাস কৰিম যে মণিপুৰৰ ঘটনা বিজেপৰে পূৰ্ব পৰিকল্পিত আছিল।

উল্লেখ্য যে, ২৬ টাকৈ বিৰোধী দল লগ লাগি গঠন কৰিছে বিৰোধী মৰ্চা ইণ্ডিয়া। ইয়াৰ পাছতে শাসকীয় পক্ষই এই নামকলৈ বহু কটাক্ষমূলক মন্তব্য কৰি আহিছে। তাৰ মাজতে বিৰোধী দলৰ অভিযোগ যে শাসকীয় পক্ষ উদ্বিগ্ন হৈছে।

Category
Profile picture for user UB Photos