গোলাঘাটৰ ত্ৰিপল মাৰ্ডাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ মন্তব্য; এই সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে........

Golaghat

আজি পুৱাই গোলাঘাটত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ত্ৰিপল মাৰ্ডাৰৰ ভুক্তভোগী পৰিয়ালক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে । 

উল্লেখ্য যে, হত্যাৰ বলি হোৱা সংঘমিত্ৰা ঘোষৰ ভগ্নী অংকিতা ঘোষক সাক্ষাৎ কৰে হিমন্ত বিশ্ব শৰ্মাই। সমগ্ৰ ঘটনাৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

golaghat

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে, ১৫ দিনৰ ভিতৰত এই ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰা হ'ব। ক্ষীপ্ৰ গতিত চলিছে ঘটনাৰ তদন্ত। দোষীয়ে উচিত শাস্তি পাব। ফাষ্ট ট্ৰেক আদালতত হ'ব ঘটনাৰ বিচাৰ। নিয়োগ কৰা হ'ব বিশেষ চৰকাৰী অধিবক্তা।

লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "সংঘমিত্ৰাক ড্ৰাগছ দিয়াৰ ঘটনাৰ তদন্ত হ'ব লাগিছিল। তদন্তকাৰী বিষয়া সঞ্জীৱ সান্যালে তদন্তত গাফিলতি কৰিছিল। তেতিয়াই তদন্ত কৰা হ'লে ইমানখিনি নহ'লহেঁতেন।"

আনহাতে, অভিযুক্ত নাজিবুৰৰ ফাঁচিৰ বাবে আবেদন জনাব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। লাভ জেহাদৰ দৰে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Category
Profile picture for user UB Photos