ৰক্তদান মহান দান! ৰক্তদানে কৰ্কট ৰোগৰ বিপদাশংকা হ্ৰাস....ৰক্তদান শৰীৰৰ বাবে কিমান উপকাৰী?

blood noted

ৰক্তদান হৈছে মহান দান । ৰক্তদান কৰি আপুনি এজন লোকৰ জীৱন ৰক্ষা কৰাৰ লগতে আপোনাৰ স্বাস্থ্যৰ বাবেও বহুখিনি উপকাৰ সাধন কৰিব পাৰে। ৰক্তদানে কেৱল আপোনাৰ শৰীৰৰ ওপৰতেই নহয়, মগজুৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলায়। কিন্তু বহুলোকে ভাৱে যে ৰক্তদান কৰিলে শৰীৰ দুৰ্বল হয়, এই ধাৰণা একেবাৰেই ভুল ধাৰণা । বৰঞ্চ ৰক্তদান কৰাটো শৰীৰৰ বাবে খুবেই উপকাৰী। 

blood donate

সেয়েহে, মানুহক ৰক্তদীনৰ বিষয়ে সজাগ কৰাটো অতি গুৰুত্বপূৰ্ণ। ৰক্তদান কৰিলে শৰীৰৰ কি কি  লাভ হয়, আজি সেই বিষয়ে জানো আহক-

 

কৰ্কট ৰোগৰ বিপদাশংকা হ্ৰাসঃ

blood donated

ৰক্তদানে শৰীৰত কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগৰ আশংকা হ্ৰাস কৰে। কিয়নো ৰক্তদানে শৰীৰত আইৰণৰ ভাৰসাম্য ৰাখে।

হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখেঃ 

ৰক্তদান কৰা লোকৰ হৃদৰোগ আৰু ষ্ট্ৰ’ক হোৱাৰ আশংকা কম থাকে । ইয়াৰ কাৰণ হৈছে যেতিয়া তেজত আইৰণৰ পৰিমাণ অধিক হয়, ই হৃদযন্ত্ৰক প্ৰভাৱিত কৰে। কিন্তু যদি আপুনি ৰক্তদান কৰে, তেন্তে আপোনাৰ শৰীৰত আইৰণৰ পৰিমাণ সন্তুলিত হৈ থাকে।

মেদবহুলতা হ্ৰাসৰ কাৰকঃ

ৰক্তদান কৰিলে শৰীৰত অতিৰিক্ত কেলৰি দ্ৰুততাৰে হ্ৰাস হয়। ইয়াৰ লগতে কেইমাহমানৰ ভিতৰতে লোহিত ৰক্ত কণিকাৰ স্তৰ সমান পৰিমাণত আহে। যদি আপুনি সেই একে সময়তে স্বাস্থ্যকৰ আহাৰ আৰু ব্যায়াম কৰি আছে, তেনেহ'লে আপোনাৰ মেদবহুলতাও দ্ৰুতগতিত হ্ৰাস পাব।

লোহিত কোষৰ উৎপাদন বৃদ্ধি হয়ঃ

যিসকলে ৰক্তদান কৰে, তেওঁলোকৰ শৰীৰত তেজৰ অভাৱ পূৰণ কৰাৰ প্ৰক্ৰিয়া দ্ৰুত হয়। যাৰ ফলত শৰীৰত লোহিত ৰক্ত কণিকা বৃদ্ধি হয়। ই স্বাস্থ্য ভাল ৰখাত যথেষ্ট সহায়ক।

কিমান দিনত আপুনি ৰক্তদান কৰা উচিত ?

চিকিৎসকৰ মতে, এজন ব্যক্তিৰ শৰীৰত ৯০ ৰ পৰা ১২০ দিনৰ ভিতৰত লোহিত ৰক্ত কণিকাবোৰ স্বয়ংক্ৰিয়ভাৱে মৰি যায় আৰু নতুন কোষ গঠন হয়। সেইবাবে এজন স্বাস্থ্যৱান ব্যক্তিয়ে প্ৰতি ৩ মাহত ৰক্তদান কৰিব পাৰে।

Category
Profile picture for user UB Photos