এক কৰুণ ঘটনা! পানী যোগান আঁচনিৰ টেংকী চাফা কৰিবলৈ গৈ মৃত্যুক সাৱটিলে ৩ শ্ৰমিকে.......

dhubri

বিলাসীপাৰাৰ নয়াহাট ফকিৰাণীৰঝাৰ খোৱা পানী যোগান আঁচনিৰ কামত বৃহৎ অঘটন। পানী যোগান আঁচনিৰ টেংকী চাফা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ৩জন শ্ৰমিকে।

dhubri

টেংকীৰ ভিতৰত ছাটাৰিং খুলি টেংকীটো চাফা কৰিব ধৰিছিল ৩ শ্ৰমিকে, তেনে সময়তে সংঘটিত হয় এক অঘটন । টেংকীৰ ভিতৰত অক্সিজেনৰ পৰিমাণ শূণ্য হোৱাৰ বাবে ভিতৰত থকা তিনিওজন শ্ৰমিক অসুস্থ হৈ পৰে।

এই ঘটনাত তিনিওজন শ্ৰমিকে প্ৰাণ হেৰুৱাব লগীয়া হয় ।  প্ৰথম অৱস্থাত এই ৩জনৰ ভিতৰৰ এজনৰ অৱস্থা সংকটজনক আছিল যাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হৈছিল তিনিও শ্ৰমিকক। অৱশেষত চিকিৎসকে ৩জন শ্ৰমিকক মৃত বুলি ঘোষণা কৰে।

dhubri

ৰাইজৰ অভিযোগ, ঠিকাদাৰ আৰু অভিযন্তাৰ গাফিলতিৰ বাবে এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে । ৰাইজৰ সহযোগত অগ্নিনিৰ্বাপক বাহিনীৰ লোকে উদ্ধাৰ কৰে লোককেইজনক।

dhubri

মৃত ফকিৰানীঝাৰ দ্বিতীয় খণ্ড গাঁৱৰ ছহিদুৰ ইছলাম, ফকিৰানীঝাৰ গাঁৱৰ শ্ৰমিক হজৰত আলী আৰু ছুৱাপাতা দ্বিতীয় খণ্ড গাঁৱৰ ছায়েদ আলী। ঘটনাস্থলীত বিলাসীপাৰা মহকুমাধিপতি আৰু বিলাসীপাৰা মহকুমা আৰক্ষী উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

Category
Profile picture for user UB Photos