"ভাগৱত গীতা"ত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া কেইটামান পৰামৰ্শ! যি মনত ৰাখিলে আপুনি কেতিয়াও বিপদত নপৰে, পিছে জানো আহক পৰামৰ্শ কেইটা?

bhagavat gita

আমাৰ জীৱনতো বিভিন্ন সমস্যাৰে জৰ্জড়িত । আৰু এই সকলো সমস্যাৰ উত্তৰ থকা এখন মহাকাব্য হৈছে "ভাগৱত গীতা" । "ভাগৱত গীতা" হিন্দু সমাজৰ মেৰুদণ্ড স্বৰুপ ।

আনহাতে জাতিৰ পিতা মহাত্মা গান্ধীয়ে গীতাক আধ্যাত্মিক অভিধান বুলি গণ্য কৰিছিল। কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত শ্ৰীকৃষ্ণই অৰ্জুনক দিয়া পৰামৰ্শবোৰেই গীতাত উল্লেখ আছে। আৰু এইবোৰ পৰামৰ্শ আমি বা আপুনিও মানি চলিব লাগে। এইবোৰ মানি চলিলে কেতিয়াও বিপদত নপৰিব।

bhagavat gita

আহকচোন জানি লও, শ্ৰীকৃষ্ণই গীতাত কোৱা কেইটামান পৰামৰ্শৰ বিষয়ে –

১. যি হ’ল, সেয়া ভালৰ বাবেই হ’ল। আৰু যি হৈ আছে, ভালৰ বাবেই হৈ আছে আৰু ভৱিষ্যতে যি হ’ব, সেয়া ভালৰ বাবেই হ’ব।

২. আপোনাৰ কাম কৰাৰ অধিকাৰ আছে, কিন্তু কামৰ ফল লাভৰ অধিকাৰী আপুনি কেতিয়াও নহয়।

৩. পৰিৱৰ্তন হৈছে বিশ্বব্ৰহ্মাণ্ডৰ নিয়ম। আপুনি আজি কোটিপতি হ’ব পাৰে কিন্তু, নিমিষতে দুখীয়াও হৈ যাব পাৰে ।

৪. আত্মাৰ জন্ম নহয়, আৰু মৃত্যুও নহয়।

৫. খালী হাতে আহিছিলা আৰু খালী হাতে গুচি যাবা।

৬. কামনা, ক্ৰোধ আৰু লোভ হৈছে আত্মধ্বংসী নৰকৰ তিনি দুৱাৰ।

৭. মানুহ নিজৰ বিশ্বাসৰ দ্বাৰা সৃষ্টি হৈছে। তেওঁ যি বিশ্বাস কৰে সেয়াই তেওঁ হৈ পৰে।

৮. ধ্যান আয়ত্ত কৰিলে বতাহবিহীন স্থানত দীপৰ শিখাৰ দৰে মন অদম্য হৈ পৰে।

৯. যিসকলে নিজৰ মনটোক নিয়ন্ত্ৰণ নকৰে, তেওঁলোকৰ বাবে মনটোৱে শত্ৰুৰ দৰে কাম কৰে।

১০. যি জ্ঞানী ব্যক্তিয়ে জ্ঞান আৰু কৰ্মক এক বুলি ভাবে, তেওঁৰ দৃষ্টিভংগী শুদ্ধ।

Category
Profile picture for user UB Photos