'মোৰ অন্তৰ খং আৰু বেদনাৰে ভৰি পৰিছে। দোষীয়ে কোনোপধ্যেই ৰেহাই নাপায়।'মণিপুৰৰ নৃশংস কাণ্ডক লৈ মত প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ.........

Modi

সামাজিক মাধ্যমত ভাইৰেল মণিপুৰৰ এটা ভিডিঅ’। তাৰ পাছতে তোলপাৰ লাগিছে সমগ্ৰ দেশত; পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰ । 

মণিপুৰত কুকি সম্প্ৰদায়ৰ দুগৰাকী মহিলাক উলংগ কৰি অমানুষিক নিৰ্যাতন চলোৱাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত । মহিলা দুগৰাকীক উলংগ কৰি ৰাজপথত সমদল কৰা ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ আহ্বান মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ।

manipur

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে  এই কাণ্ডৰ মূল অভিযুক্তক। থৌবাল জিলাৰ পৰা অভিযুক্ত খৈৰাম হীৰা দাসক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মণিপুৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে জনাইছে এই তথ্য। সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে ১২টা তদন্তকাৰী দল গঠন কৰা হৈছে।

ইফালে আজি মণিপুৰ ঘটনাক লৈ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ পৰা উত্তৰ দাবী কৰে বিৰোধী পক্ষই। ইতিমধ্যে ঘটনাক লৈ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক ফোন কৰি ঘটনাৰ বুজ লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । 

উল্লেখ্য যে, সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । মোদীয়ে কয় যে , 'মোৰ অন্তৰ খং আৰু বেদনাৰে ভৰি পৰিছে । যিকোনো সভ্য সমাজৰ বাবে মণিপুৰৰ ঘটনা লজ্জাজনক ।দোষীয়ে কোনোপধ্যেই ৰেহাই নাপায়।মণিপুৰৰ জীয়ৰীসকলৰ সৈতে হোৱা অপৰাধ ক্ষমা কৰা নহ'ব। মণিপুৰৰ ভাইৰেল কাণ্ডত গোটেই দেশ লজ্জিত হৈছে।'

modi

আনহাতে, মণিপুৰৰ ভাইৰেল ভিডিঅ’ক লৈ তৎপৰ উচ্চতম ন্যায়ালয়ো । উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ সমগ্ৰ ঘটনাৰ বুজ লৈছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে দিছে নিৰ্দেশ। মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, "আমি চৰকাৰক কিছু সময় দিছো। অন্যথা হস্তক্ষেপ কৰিবলৈ আমি বাধ্য হ'ম।"

Category
Profile picture for user UB Photos