ৰং সকলোৰে প্ৰিয়! মানুহৰ জীৱনত ৰঙেও যথেষ্ট প্ৰভাৱ পেলায়; গতিকে জানো আহক সপ্তাহৰ কোনটো দিনত কি ৰঙৰ কাপোৰ পিন্ধিব লাগে?

clothes

প্ৰতিটো বস্তুৰে আছে সম্পৰ্ক আমাৰ জীৱনত। সেইদৰে কাপোৰৰ ৰঙেও আমাৰ জীৱনত যথেষ্ট পেলায় প্ৰভাৱ। আমি সপ্তাহৰ প্ৰতিটো বাৰত কি ৰঙৰ কাপোৰ পৰিধান কৰিব লাগে, সেই বিষয়ে জনাটো খুবেই প্ৰয়োজন। কাৰণ কিছুমান ৰঙে মনত অতি গভীৰ প্ৰভাৱ পেলায় আৰু কিছুমান ৰঙে শীতলতা প্ৰদান কৰে। লগতে, কিছুমান ৰঙে শক্তি বঢ়ায় আৰু কিছুমান ৰঙে মনটো আনন্দময় কৰি তোলে ।
আজি এই লিখনীটোত আমি কাপোৰৰ ৰঙৰ বিষয়ে ক’বলৈ গৈ আছো। ৰঙৰ নিজা অতি গভীৰ বিজ্ঞান আছে।

গতিকে সপ্তাহৰ কোনটো দিনত কি ৰঙৰ কাপোৰ পিন্ধিব লাগে সেই বিষয়ে আহক জানি লওঁ আহক- 

দেওবাৰঃ দেওবাৰে ক্ৰীম ৰঙৰ কাপোৰ পিন্ধাটো খুব ভাল। লগতে আপুনি গুলপীয়া, সোণালী, পাতল কমলা ইত্যাদি ৰঙৰ কাপোৰো পিন্ধিব পাৰে। কিন্তু মনত ৰাখিব যে দেওবাৰে যাতে নীলা, ক’লা, ছাই আৰু মুগা ৰঙৰ কাপোৰ নিপিন্ধে।

সোমবাৰঃ সোমবাৰে বগা ৰঙৰ কাপোৰ পিন্ধা উচিত। বগা ৰঙৰ কাপোৰৰ লগতে পাতলীয়া ৰং পিন্ধিব পাৰে। এই দিনটোত ক’লা আৰু উজ্জ্বল ৰঙা কাপোৰ কেতিয়াও পিন্ধিব নালাগে।

মঙলবাৰঃ মঙলবাৰৰ দিনটোত আপুনি ৰঙা ৰঙৰ কাপোৰ পিন্ধিলে আপোনাৰ বাবে খুব ভাল। ইয়াৰ লগতে আপুনি গুলপীয়া বা ৰঙা ৰঙৰ সৈতে সম্পর্কিত সকলো ৰং পিন্ধিব পাৰে। ৰঙা উপৰি আপুনি পোছাকত ক্ৰীম আৰু নেমু হালধীয়া ৰঙো অন্তৰ্ভুক্ত কৰিব পাৰে, কিন্তু মনত ৰাখিব যে উজ্জ্বল সেউজীয়া কাপোৰ পৰিধান নকৰে যাতে ।

বুধবাৰঃ বুধবাৰে সেউজীয়া ৰঙৰ পোছাক পৰিধান কৰিব পাৰে। যদি আপুনি পুৱা জগিং কৰিবলৈ যায় তেন্তে আপুনি সেউজীয়া ট্ৰেক পিন্ধিব পাৰে। অফিচত পাতল সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব পাৰে। লগতে পাতল ছাই বা ক’লা ৰঙো যোগ দিব পাৰে। এটা কথা মনত ৰাখিব লাগিব যে ক’লা ৰঙটো কেবল তলতহে থাকিব লাগে।

বৃহস্পতিবাৰঃ বৃহস্পতিবাৰে আপোনাৰ পোছাকত কেশৰ ৰং যোগ দিব পাৰে। অৱশ্যে, আপুনি এই দিনটোত হালধীয়া ৰঙো পিন্ধিব পাৰে। ক্রীম, বগা আৰু গুলপীয়া ৰঙৰ কাপোৰ পিন্ধিব পাৰে। বৃহস্পতিবাৰে সাংস্কৃতিক পোছাক পিন্ধিব লাগে।

শুকুৰবাৰঃ শুকুৰবাৰে পোছাকক অধিক গুৰুত্ব দিব লাগে, কিয়নো শুকুৰবাৰৰ দিনটোত সামান্য উজ্জ্বল কাপোৰ পিন্ধিব লাগে। ছাই ৰঙৰ লগতে ক’লা, নীলা আৰু পাতল সেউজীয়া পিন্ধিব পাৰে। এই দিনটোত কেতিয়াও হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব নালাগে।

শনিবাৰঃ নীলা, ক’লা, ছাই আৰু সেউজীয়া ৰঙৰ পোছাক শনিবাৰে পৰিধান কৰিব পাৰে। আপুনি স্কোৰাৰ আৰু ষ্ট্ৰাইপযুক্ত কাপোৰ পিন্ধিব পাৰে। শনিবাৰৰ দিনটোত ৰঙা ৰঙৰ পোছাক পিন্ধিব নালাগে আৰু লগতে মনত ৰাখিব লাগে যে ক’লা আৰু ৰঙা ৰঙৰ কোনো সংমিশ্রণ নাথাকে যাতে।     

Category
Profile picture for user UB Photos