বাংলাদেশৰ পৰা ভাৰতলৈ অহিল প্ৰেমিকা! হিন্দু ধৰ্ম গ্ৰহণ কৰি বহিলে বিয়াত...তাৰপাছত কি হ'ল?

juli

পাকিস্তানৰ পৰা নেপাল হৈ ভাৰতলৈ অহা মহিলা সীমা হাইদৰ আৰু শচীন মীনাৰ ঘটনাটো বৰ্তমান সময়ত বিশেষ চৰ্চাত আছে। ইয়াৰ মাজতে আন এক প্ৰেম কাহিনী পোহৰলৈ আহিছে।

এইবাৰো প্ৰেম ফেচবুকৰ। প্ৰেমৰ বলতেই ১১ বছৰীয়া কন্যাক লগত লৈ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ জুলী নামৰ এগৰাকী মহিলাই নিজৰ প্ৰেমিকৰ বাবে মুৰাদাবাদৰ বাসিন্দা অজয়ৰ ওচৰলৈ আহিছিল। মহিলাগৰাকীয়ে ইছলাম ধৰ্ম ত্যাগ কৰি সনাতন ধৰ্ম গ্ৰহণ কৰি হিন্দু ৰীতি-নীতিৰে প্ৰেমিক অজয়ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

juli

খবৰ অনুসৰি, বিয়াৰ প্ৰায় ৩ মাহ পাছত নিজ ৰাষ্ট্ৰ বাংলাদেশলৈ গুচি যায় জুলীয়ে। তাৰপাছতে অজয়ক বাংলাদেশলৈ মাতি পঠিয়ায় তাই । পত্নীয়ে মাতি পঠোৱাৰ বাবে ভিছা আৰু পাছপ'ৰ্ট অবিহনে বাংলাদেশলৈ যায় অজয়ে। 

অজয়ে বাংলাদেশত উপস্থিত হোৱা প্ৰায় ৩-৪ দিন পাছতে জুলীয়ে অজয়ৰ ৰক্তাক্ত ফটো পৰিয়ালৰলোকলৈ প্ৰেৰণ কৰে। ইয়াৰ পাছতে অজয়ৰ মাতৃ কাষ চাপিছে আৰক্ষীৰ।

আনহাতে, পুত্ৰক বিচাৰি আনিবলৈ অজয়ৰ মাতৃয়ে আৰক্ষীক আহ্বান জনাইছে । মাতৃৰ ভাষ্য অনুসৰি প্ৰায় ৩ মাহ পূৰ্বে নিজ কন্যাৰ সৈতে ভাৰতলৈ আহিছিল জুলী। পৰৱৰ্তী সময়ত তেওঁ সলনি কৰিছিল ধৰ্ম। কিন্তু ভিছাৰ তাৰিখ শেষ হোৱাৰ বাবে পুনৰ বাংলাদেশলৈ গৈছিল।

juli

তাৰ কিছুদিন পাছতে গৈছিল অজয়। তাৰপাছত মাতৃয়ে লাভ কৰিছিল অজয়ৰ ৰক্তাক্ত শৰীৰ। তাৰপূৰ্ব অজয়ে মাতৃক ফোন কৰি বিচাৰিছিল টকা। তেতিয়াৰ পৰা প্ৰায় ২ মাহ ধৰি এতিয়া খবৰ নাই অজয়ৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Category
Profile picture for user UB Photos