নিবনুৱা সকললৈ ভাল খবৰ! শীঘ্ৰেই প্ৰকাশ পাব ৩২,০০০ চৰকাৰী চাকৰিৰ বিজ্ঞাপন.....

JOB

পুনৰ নিবনুৱাসকলৰ বাবে এক সুখবৰ । বিজেপি নেতৃত্বাধীন চৰকাৰখনে ১ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল, ইয়াৰে ৬৮,০০০ নিবনুৱাই  ইতিমধ্যে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিল । কেৱল বাকী ৰৈ গৈছিল ৩২,০০০ চৰকাৰী চাকৰিৰ পদ । 

JOB

ইতিমধ্যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মঙলবাৰে এটা টুইট প্ৰকাশ পাইছে, ১ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ লক্ষ্য়ৰে ৰাজ্য চৰকাৰে পুনৰ ঘোষণা কৰিছে চৰকাৰী চাকৰিৰ কথা। লগতে টুইটটোত উল্লেখ্য আছে যে, পুনৰ ৩২ হাজাৰ যুৱক-যুৱতীক চাকৰি দিব ৰাজ্য চৰকাৰে। ১০ ছেপ্টেম্বৰৰ ভিতৰত মুকলি কৰা হ’ব বিজ্ঞাপন।

গৃহ বিভাগত ৪,০৯৭, স্বাস্থ্য বিভাগত ৫,১০৫, শিক্ষা বিভাগত ১০,২৯৯, পঞ্চায়ত আৰু গ্রামোন্নয়নত ১,১৭৬ পদৰ বাবে অনুষ্ঠিত হ'ব পৰীক্ষা। লগতে ৩য় বৰ্গত ৭,০৭৩ আৰু চতুৰ্থ বৰ্গত ৪,৯৩৯টা পদত নিযুক্তি দিয়া হ’ব। উল্লেখ্য যে, এই বাতৰিয়ে সকাহ দিব নিবনুৱা যুৱক-যুৱতীক। ইয়াৰ কিছুদিন পূৰ্বেও ৰাজ্যত হাজাৰ হাজাৰ যুৱতীয়ে নিযুক্তি লাভ কৰিছিল।

Category