
বাক্সাত সংঘটিত এক চাঞ্চল্যকৰ আত্মহত্যা । প্ৰায় তিনিবছৰ পূৰ্বে একেটা কোঠালিতে কিশোৰী গৰাকীৰ ককায়েকেও আত্মহত্যা কৰিছিল । যোৱা নিশা পুনৰ সেই একেটা কোঠালিতে আত্মহত্যা কৰিলে ভগ্নীয়ে । এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
উল্লেখ্য যে, বাক্সা জিলাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত খৈৰাণীত সংঘটিত হৈছে এই ঘটনা । আত্মহত্যা কৰা কিশোৰী গৰাকী পাগলাদিয়া এম.ই স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী বুলি জানিব পৰা গৈছে ।

অৱশ্যে, এই পৰ্যন্ত আত্মহত্যাৰ কাৰণ কিন্তু জানিব পৰা হোৱা নাই । ঘটনাৰ পিছতেই বাগানপাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ড° ৰবি বড়ো অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
লগতে কিশোৰী গৰাকীৰ মৃত্যুত ঘৰৰ খনৰ লগতে সমগ্ৰ অঞ্চলটোত শোঁকৰ চা পৰিছে ।
- Log in to post comments