খাকী পোছাকত দাগ লগোৱা আৰক্ষীক উদ্দেশ্যি জি পি সিঙৰ কঠোৰ সকীয়নি.........

GP Singh

খাকী পোছাকত দাগ লগোৱা আৰক্ষীক কঠোৰ সকীয়নি দিছে জি পি সিঙে লগতে সকলোকে আৰক্ষী থানাক পৱিত্ৰ স্থান হিচাপে গণ্য কৰাৰ আহ্বান আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীৰ ।

উল্লেখ্য যে, অসম আৰক্ষীক উদ্দেশ্যি বিশেষ বাৰ্তা প্ৰদান আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙৰ । খাকীৰ প্ৰতি ৰাইজৰ বিশ্বাস আৰু সন্মান অক্ষুন্ন ৰাখিব লাখিব বুলি কয় জি পি সিঙে। ইউনিফ’ৰ্মৰ মৰ্যাদা-বিশ্বাসক হেঅ জ্ঞান কৰা কোনো কামক প্ৰশ্ৰয় দিয়া নহ’ব বুলি সকীয়াই দি আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে কয় যে "কথাৰে নহয় কামেৰে খাকীৰ মৰ্যাদা ৰাখিব লাগিব।"

GP Singh

লগতে, জয়মতী-কনকলতা দেশত নাৰী নিৰ্যাতনক লৈ ও কঠোৰ জি পি সিং। " নাৰীৰ বিৰুদ্ধে কোনো অপৰাধ সহ্য কৰা নহ’ব; থানা আৰু আৰক্ষীৰ কাৰ্যালয়ত  নাৰীৰ সন্মান নিশ্চিত কৰিব লাগিব।" এই মন্তব্য আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীৰ । থানা আৰু আৰক্ষীৰ কাৰ্যালয়ত মহিলাক অশালীন আচৰণ নকৰিবলৈ আহ্বান জলোৱাৰ লগতে মহিলাৰ বিৰুদ্ধে আৰক্ষীৰ যৌন অপৰাধ অশালীন আচৰণ সহ্য কৰা নহ’ব। শিশু আৰু দুৰ্বল শ্ৰেণীৰ লোকৰ মাজতো একেই নিয়ম প্ৰযোজ্য হ’ব। 

আনহাতে, আৰক্ষী থানা আৰু কাৰ্যালয়ক পবিত্ৰ স্থান বুলি গণ্য কৰাৰ আহ্বান ডিজিপিৰ। নিচাসক্ত হৈ থানাৰ পবিত্ৰতা নষ্ট নকৰিবলৈ সকীয়নি দিয়াৰ লগতে উপঢৌকন গ্ৰহণ কৰি থানা-কাৰ্যালয়ৰ পবিত্ৰতা কলুষিত নকৰাৰো আহ্বান জনায়।

বিষয়াসকলক আৰক্ষী বিভাগত বলিষ্ঠ নেতৃত্ব দিবলৈ আহ্বান। কনিষ্ঠসকলক সঠিক দিশ দেখুৱাবলৈ আহ্বান জি পি সিঙৰ। ৰাইজৰ বাবে সহজলভ্য আৰু দৃশ্যমান হৈ থাকিবলৈ আহ্বান আৰক্ষীক। ভাল কামত সকলো আৰক্ষীৰ কাষত থিয় হোৱাৰ প্ৰতিশ্ৰুতি DGPৰ। আৰক্ষীৰ সমাজ বিৰোধী কাম সম্পূৰ্ণ উৎখাত কৰিবলৈও সংকল্পবদ্ধ জি পি সিং।

Category
Profile picture for user UB Photos