আজি দুপৰীয়া ২ বাজি ৩৫ মিনিটত শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰৰ দেশলৈ ৰাওনা চন্দ্ৰযান-৩ । এই ঐতিহাসিক তথা গৌৰৱময় মুহূৰ্তৰ সাক্ষী হ’ল ভাৰতবাসীৰ লগতে বিশ্বৰ কোটি কোটি জনতা । চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পিছতেই চন্দ্ৰত অৱতৰণ কৰা বিশ্বৰ চতুৰ্থ খন দেশ হিচাপে পৰিগণিত হ’ব ভাৰত ।
ISROৰ বিজ্ঞানীসকলে জানিবলৈ দিয়া অনুসৰি, চন্দ্ৰৰ দক্ষিণ মেৰু, য’ত পানীৰ চিহ্ন পোৱা গৈছে, তাত প্ৰথমবাৰৰ বাবে অৱতৰণ কৰিব ভাৰতৰ চন্দ্ৰযানে । চন্দ্ৰযান-৩ উৎক্ষেপণৰ ৪০ দিন পিছত অৰ্থাৎ ২৩ আগষ্টত ই চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব ।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO উৎক্ষেপণ কৰা এই চন্দ্ৰযান-৩য়ে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব। এই অভিযানৰ অধীনত, বিজ্ঞানীসকলে চন্দ্ৰৰ মাটি বিশ্লেষণ কৰিব।
আনহাতে, চন্দ্ৰ লেণ্ডাৰ বিক্ৰমে এক সুৰক্ষিত আৰু মসৃণ অৱতৰণ কৰাৰ পিছত, ই চন্দ্ৰপৃষ্ঠত ৰোভাৰ প্ৰজ্ঞান মুকলি কৰিব। এই ৰোভাৰে এটা চন্দ্ৰ দিন (পৃথিৱীৰ ১৪ দিনৰ সমান)লৈ চন্দ্ৰপৃষ্ঠত ঘূৰিব আৰু লগতে তাত বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাও কৰিব। ৰোভাৰে চন্দ্ৰত বিচৰণ কৰি নানা পৰীক্ষা নিৰীক্ষা কৰিব।
উল্লেখ্য যে, চন্দ্ৰযান-৩ অভিযানৰ মূল উদ্দেশ্য হৈছে চন্দ্ৰত নিৰাপদ অৱতৰণ, চন্দ্ৰপৃষ্ঠত ৰোভাৰৰ বিচৰণ ক্ষমতা প্ৰদৰ্শন কৰা আৰু স্থানীয়ভাৱে বৈজ্ঞানিক পৰ্যবেক্ষণ কৰা। লগতে চন্দ্ৰৰ পৃষ্ঠত উপলব্ধ ৰাসায়নিক আৰু প্ৰাকৃতিক মৌল, মাটি আৰু পানীৰ সন্ধান কৰি চন্দ্ৰৰ গঠনৰ বিষয়ে জ্ঞান উন্নত কৰাও এই অভিযানৰ লক্ষ্য।
ইয়াৰ সফল অৱতৰণে ভৱিষ্যতৰ চন্দ্ৰ আৰু আন্তঃগ্ৰহ অন্বেষণৰ বাবে প্ৰয়োজনীয় সামৰ্থ্য শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
- Log in to post comments