আকৌ জোনবাইৰ দেশলৈ যাবলৈ সাজু হৈছে ভাৰত। ভাৰতৰ অভিলাষী চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ প্ৰেৰণ কৰা হ’ব চন্দ্ৰলৈ । এই ঐতিহাসিক অভিযানৰ বাবে সম্পূৰ্ণ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো (ISRO)। ১৪ জুলাইত অৰ্থাৎ আজি আবেলি ২ বাজি ৩৫ মিনিটত চন্দ্ৰযান-৩ উৎক্ষেপণ কৰা হ’ব। ইতিমধ্যে আৰম্ভ হৈছে প্ৰহৰ গণনা ।
দেশৰ আশা আৰু সপোন কঢ়িয়াই জোনবাইৰ দেশলৈ চন্দ্ৰযান-৩। এই ঐতিহাসিক ক্ষণত ভাৰতীয় মহাকাশ গৱেষণা সংস্থালৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটযোগে শুভেচ্ছা বাৰ্তা প্ৰেৰণ ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, "ভাৰতৰ মহাকাশ খণ্ডৰ ক্ষেত্ৰত ১৪ জুলাই ২০২৩ সদায় সোণালী আখৰত লিপিবদ্ধ হৈ থাকিব। আমাৰ তৃতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ য়ে যাত্ৰা আৰম্ভ কৰিব। এই উল্লেখযোগ্য অভিযানে আমাৰ দেশৰ আশা আৰু সপোন কঢ়িয়াই নিব।"
উল্লেখ্য যে প্ৰায় ৬১৫ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছে এল ভি এম-৩ ৰকেট (চন্দ্ৰযান-৩)। শ্ৰীহৰিকোটাৰ পৰা মহাকাশলৈ বুলি উৎক্ষেপন কৰা হ'ব চন্দ্ৰযান-৩।
- Log in to post comments