ৰাজ্যত পুনৰ নাৰকীয় কাণ্ড! এইবাৰ ৫০ বছৰীয়া মাতৃক মৰিয়াই মৰিয়াই হত্যা পুত্ৰৰ.........

rupohighat

ৰাজ্যত আকৌ সংঘটিত হৈছে নাৰকীয় তথা চাঞ্চল্যকৰ হত্যাকাণ্ড । এই জঘণ্য হত্যাকাণ্ডটো সংঘটিত হৈছে ৰূপহীহাটৰ বৰপকাত । নিজ পুত্ৰৰ হাততে প্ৰাণ গ'ল এগৰাকী ৫০ বছৰীয়া মাতৃৰ।

rupohighat

জানিব পৰা মতে, ঘাতক পুত্ৰ জিয়াবুৰ ৰহমানৰ প্ৰহাৰত মৃত্যু হয় মাতৃ সুৰুজ বানুৰ। পাৰিবাৰিক কন্দলৰ বাবেই নিজ মাতৃক বাঁহেৰে মৰিয়াই মৰিয়াই হত্যা কৰে কুলাংগ পুত্ৰ জিয়াবুৰ ৰহমানে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে । 

rupohighat

উল্লেখ্য যে, মাতৃহন্তা জিয়াবুৰ ৰহমানে হত্যাকাণ্ডটো সংঘটিত কৰিয়েই ঘৰ এৰি পলায়ন কৰে । পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত ৰূপহীহাট আৰক্ষী। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই হত্যাকাৰী জিয়াবুৰ ৰহমানক।
 

Category
Profile picture for user UB Photos