এইবাৰ আৰক্ষীৰ দলক কুঠাৰেৰে আক্ৰমণ গাঞ্জা ব্যৱসায়ীৰ; কিয় আৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ চলালে গাঞ্জা ব্যৱসায়ীয়ে? সবিশেষ জানিবলৈ পঢ়ক.......

Golaghat police

নিশা গোলাঘাটৰ ৰাইদিঙীয়াত চাঞ্চল্যকৰ ঘটনা। এইবাৰ ভাং বেপাৰীয়ে কুঠাৰেৰে আক্ৰমণ কৰিবলৈ আহিল আৰক্ষীৰ এটা দলক । কুঠাৰৰ লগতে লাখুটি, বাচন–বৰ্তনেৰে আক্ৰমণ আৰক্ষীৰ দলটোক।

golaghat police

জানিব পৰা মতে, গোপন সুত্ৰৰ পম খেদি কমাৰবন্ধা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া চয়নিকা বৰকটকীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ৰাইদিঙীয়াৰ প্ৰতাপ শইকীয়াৰ ঘৰত ভাং বিচাৰি অভিযান চলাওঁতে প্ৰথমে প্ৰতাপ শইকীয়াৰ পত্নীয়ে আৰক্ষীৰ দলটোক আক্ৰমণ কৰি ভাৰপ্ৰাপ্ত বিষয়া চয়নিকা বৰকটকীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ পাছত প্ৰতাপ শইকীয়াই এখন কুঠাৰেৰে আক্ৰমণ কৰে আৰক্ষীৰ ওপৰত।

golaghat police

যাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে আৰক্ষীৰ দলটোৰ। ইফালে এই ঘটনাৰ ফলত কম–বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে ভাৰপ্ৰাপ্ত বিষয়া চয়নিকা বৰকটকী। ঘটনা সন্দৰ্ভত প্ৰতাপ শইকীয়া আৰু আন এজন সুৰা বেপাৰী উপেন শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ, লগতে আৰক্ষীয়ে বুজন পৰিমাণৰ মণিপুৰী ভাং জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীক আক্ৰমণৰ এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে এতিয়া গোলাঘাটত।
 

Category
Profile picture for user UB Photos