২০২৪ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে; কিন্তু কিয়...?

Rahul Gandhi

পুনৰ মুখঠেকেচা ৰাহুল গান্ধীৰ । এইবাৰো সকাহ নাপালে কংগ্ৰেছৰ নেতা গৰাকীয়ে । গুজৰাট উচ্চ ন্যায়ালয়ে বাহাল ৰাখিলে পূৰ্বৰ ৰায়। ছেচন কোৰ্টৰ ৰায় অনুসৰি সাংসদ পদ ঘূৰাই নাপায় ৰাহুল গান্ধীয়ে । 

rahul gandhi

উল্লেখ্যযোগ্য যে, মোডী উপাধি সন্দৰ্ভত কৰা বিতৰ্কৰ বাবে দোষী সাৱ্যস্ত হৈছিল ৰাহুল গান্ধী। সেই আদেশত স্থগিতাদেশ বিচাৰি কৰাৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৰাহুল গান্ধীয়ে। কিন্তু শুকুৰবাৰে এই আবেদন খাৰিজ কৰে উচ্চ ন্যায়ালয়ে। 

rahul gandhi

চুৰাট আদালতে ২ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল ৰাহুল গান্ধীক । ইয়াৰ পাছতে সাংসদৰ পদ বাতিল কৰা হৈছিল ৰাহুল গান্ধীৰ। লগতে তেওঁ, তেওঁৰ চৰকাৰী বাংলো খালী কৰিব লগা হৈছিল। উল্লেখ্য যে, সাংসদ পদ ঘূৰাই নোপোৱাৰ বাবে ৰাহুল গান্ধীয়ে ২০২৪ চনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব।

rahul gandhi

২০১৯ চনত কৰ্ণাটকৰ কোলাৰত এক নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়ে 'মোডী উপাধি' সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল। 'সকলো মোডী চোৰ' বুলি কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে গোচৰ ৰুজু কৰিছিল। এই মানহানি গোচৰৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৰাহুল গান্ধীয়ে; তাৰ পিছতে শুকুৰবাৰে ৰাহুল গান্ধীৰ আবেদন খাৰিজ কৰিছে উচ্চ ন্যায়ালয়ে ।

Category
Profile picture for user UB Photos