
কংগ্ৰেছ ত্যাগ কৰি আম আদমি পাৰ্টীত যোগদান কৰিছিল কমল কুমাৰ মেধিয়ে । সমষ্টি নিৰ্ধাৰণক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে বহু চৰ্চিত 'তিনি গগৈ' প্ৰসংগত বিতৰ্কিত মন্তব্য কৰিছিল কমল কুমাৰ মেধিয়ে ।
উল্লেখ্য যে, তেজপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত সংবাদ মাধ্যমৰ আগত তিনি গগৈ সম্পৰ্কত কৰা বিতৰ্কিত মন্তব্যক লৈ ক্ষমা বিচাৰিছিল যদিও আকৌ ফেচবুকৰ জড়িয়তে বিতৰ্কিত মন্তব্য কৰে তেওঁ।

তাৰ পিছতে আম আদমি পাৰ্টীৰ পৰা নিলম্বিত কৰা হয় কমল কুমাৰ মেধিক । দলৰ নীতিৰ বিৰুদ্ধে এইদৰে মন্তব্য কৰাৰ বাবেই কমল কুমাৰ মেধিক তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ পৰা নিলম্বিত কৰিছে দলটোৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। এই সন্দৰ্ভত শেষ সিদ্ধান্ত ল'বলৈ সভাপতি ডাঃ চৌধুৰীয়ে দলৰ নীতি নিৰ্ধাৰণ সমিতিলৈও পত্ৰ প্ৰেৰণ কৰিছে।
- Log in to post comments