‘মোক গানৰ আচুৰ্য বৰপাত্ৰ হৈয়ে থাকিবলৈ দিয়ক। মোৰ সিদ্ধান্ত মই নিজে নজনাকৈয়ে ৰাইজৰ মাজত কৈ খোকোজা নলগাব’

Achurjya

জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ স্পষ্টীকৰণ।ৰাজনৈতিক দলত যোগদান কৰাৰ বাতৰিক মিছা আখ্যা কণ্ঠশিল্পীগৰাকীৰ। সামাজিক মাধ্যমৰ যোগেদি কোনো ৰাজনৈতিক দলত যোগদান নকৰে বুলি স্পষ্টীকৰণ আচুৰ্যৰ।

1

কণ্ঠশিল্পী গৰাকীয়ে লিখিছে-মই কোনো ৰাজনৈতিক দলত যোগদান কৰাৰ কথা সম্পূৰ্ণ ভিত্তিহীন। মোক গানৰ আচুৰ্য বৰপাত্ৰ হৈয়ে থাকিবলৈ দিয়ক। মোৰ সিদ্ধান্ত মই নিজে নজনাকৈয়ে ৰাইজৰ মাজত কৈ খোকোজা নলগাব। ৰাইজৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। ৰাইজে মোৰ গানক দিয়া মৰমৰ ওচৰত মই চিৰকৃতজ্ঞ। অনুগ্ৰহ কৰি ভুলকথাবোৰক প্ৰচাৰ নকৰিব। কাতৰ অনুৰোধ।গানৰ হৈ থাকিবলৈ দিয়ক, গান গাবলৈ দিয়ক।  

উল্লেখ্য যে কণ্ঠশিল্পীৰ এই স্পষ্টীকৰণত সুখী হৈছে অনুৰাগীসকল।

Category
Profile picture for user UB Photos