বিৰাট কোহলীয়ে কিয় চুমা যাচে বাৰে বাৰে প্ৰত্যেকটো সাফল্যৰ পাছত !

Virat Kohli

আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বৰ্ডাৰ গাভাস্কাৰ শৃংখলাৰ চতুৰ্থ খন খেলত কিং কোহলীৰ দূৰ্দান্ত প্ৰদৰ্শনে সকলোকে পৰাভূত কৰিলে। সুদীৰ্ঘ ১২০৫ দিনৰ অন্তত টেষ্ট ক্ৰিকেটত চেঞ্চুৰী কৰে কিং কোহলীয়ে। কোহলীৰ এই চেঞ্চুৰীৰ পিছত মুঠ চেঞ্চুৰীৰ সংখ্যা হৈছে ৭৫ টা।কোহলীৰ এই সাফল্যত সহখেলুৱৈ সকলকে ধৰি অনুৰাগী সকল যথেষ্ট উৎফুল্লিত হৈ পৰিছে। শেহতীয়াকৈ কোহলীৰ চেঞ্চুৰী চেলিব্ৰেচনৰ এক ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅটোত বিৰাট কোহলীয়ে ডিঙিত পিন্ধি থকা Lucky Locket ত চুমা দি ওপৰলৈ চাই ভগৱানক ধন্যবাদ দিয়ে।এই বিশেষ দৃশ্য দেখি সকলো অভিভূত হৈ পৰিছে।

উল্লেখ্য যে কোহলীয়ে পিন্ধি থকা এই Locket টোক তেখেতে Lucky বুলি গণ্য কৰে। কিয়নো এই Locket টোৱে তেখেতৰ বহু স্মৃতি কঢ়িয়াই লৈ ফুৰে। প্ৰকৃততে বিৰাট কোহলীয়ে পিন্ধি থকা লকেটটো তেওঁৰ বিবাহৰ আঙুঠি। বিৰাট কোহলীয়ে ২০১৭ চনত বলীউডৰ মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাক বিয়া কৰাইছিল। Ring Ceremony ত অনুষ্কা শৰ্মাই বিৰাট কোহলীক পিন্ধোৱা আঙুঠিটো বিৰাটে ডিঙিত লকেট হিচাপে পৰিধান কৰে। সেয়েহে বিৰাট কোহলীয়ে তেখেতৰ সাফল্যত এই Lucky Locket টোত চুম্বন কৰে।

 

 

 

Category
Profile picture for user UB Photos