প্ৰেমিকৰ সৈতে মিলি পত্নীয়ে হত্যা কৰিলে স্বামী, শাহুক। তিনি দিন ভৰাই থলে ফ্ৰীজত, পাছত মৃতদেহ পেলাই দিলে মেঘালয়ত।

Ghy Murder

মহানগৰীত সংঘটিত হল গা কঁপাই যোৱা হত্যাকাণ্ড। দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ পুনৰাবৃত্তি হল অসমত। সূত্ৰ অনুসৰি, ৭ মাহ পূৰ্বে সংঘটিত হৈছিল এই লোমহৰ্ষক ঘটনা। মহানগৰীৰ নাৰেংগীৰ বাসিন্দা অমৰজ্যোতি দেৰ সৈতে কেইবছৰমান পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বন্দনা কলিতা। বিয়াৰ কিছুদিনলৈ দুয়োৰে সম্পৰ্ক ঠিকেই চলিছিল। কিন্তু উচ্চাকাংক্ষী আৰু অত্যন্ত লুভীয়া বন্দনাৰ ধনজিৎ ডেকা নামৰ এজন যুৱকৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল। এই কথা স্বামীয়ে জনাৰ পিছত দুয়োৰে মাজত সংঘাতৰ সৃষ্টি হৈছিল।

অমৰজ্যোতিৰ মাতৃ শংকৰী দেৰ নামত মহানগৰীৰ চানমাৰি অঞ্চলত পাঁচটা অট্টালিকা আছিল। তাৰে এটা অট্টালিকাত মাতৃয়ে অকলে বাস কৰিছিল। আন চাৰিটা অট্টালিকাৰ ভাড়া সংগ্ৰহ কৰিছিল অমৰজ্যোতিৰ মোমায়েকে। যাক লৈ ক্ষুণ্ণ হৈছিল বন্দনা। আৰু পৰৱৰ্তী সময়ত অমৰজ্যোতিৰ সৈতে বন্দনাৰ বিবাহ বিচ্ছেদৰ প্ৰস্তুতিও চলিছিল। কিন্তু ৭ মাহ পূৰ্বে বন্দনাই স্বামী আৰু শাহুৱেক নিৰুদ্দেশ হোৱা বুলি এজাহাৰ দাখিল কৰিছিল নুনমাটি থানাত।

বন্দনাই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অব্যাহত ৰাখিছিল তদন্ত। কিন্তু ইয়াৰ মাজতে বন্দনা কলিতাই আন এখন এজাহাৰ দাখিল কৰে। এজাহাৰত শাহুৱেকৰ একাউণ্টৰ ধন অমৰজ্যোতিৰ মোমায়েকে হৰলুকী কৰাৰ অভিযোগ উত্থাপন কৰে। কিন্তু আৰক্ষীয়ে তদন্ত কৰি ইয়াৰে এটা একাউণ্টৰ পৰা বন্দনাই ৫ লাখ টকা উলিওৱাৰ তথ্য লাভ কৰে। তাৰ পিছতে বন্দনাৰ ওপৰত আৰক্ষীৰ সন্দেহ ওপজে। ইয়াৰ পিছত ১৭ ফেব্ৰুৱাৰীত বন্দনাক আটক কৰে। আৰক্ষীৰ জেৰাত বন্দনাই স্বামী অমৰজ্যোতি দেআৰু শাহু শংকৰী দেক হত্যা কৰাৰ ঘটনা স্বীকাৰ কৰে।

আৰক্ষীৰ জেৰাত বন্দনাই স্বীকাৰ কৰে সমগ্ৰ ঘটনা। সূত্ৰৰ পৰা জানিব পৰা মতে, আৰক্ষীৰ আগত বন্দনাই চানমাৰিৰ অট্টালিকাত অৰূপ দাস নামৰ যুৱকজনৰ সহযোগত শাহুৱেক শংকৰী দেক মুখত খোপা দি হত্যা কৰিছিল আৰু মৃতদেহটো টুকুৰাটুকুৰকৈ কাটি ফ্ৰীজত তিনিদিন ভৰাই ৰাখিছিল। তাৰ তিনিদিন পিছত বন্দনাই নাৰেংগীৰ নিজৰ বাসভৱনত অবৈধ প্ৰেমিক ধনজিৎ ডেকাৰ সহযোগত ডিঙি চেপি হত্যা কৰিছিল স্বামী অমৰজ্যোতিক। হত্যা কৰি স্বামীৰ মৃতদেহ এটা পলিথিনত ভৰাই থয়।

এই লোমহৰ্ষক হত্যাকাণ্ডৰ পিছত দুয়োটা মৃতদেহ ধনজিৎ ডেকাৰ গাড়ীত ভৰাই মেঘালয়ৰ ডাউকীলৈ ৰাওনা হয়। ডাউকীত তিনি হত্যাকাৰীয়ে মিলি মৃতদেহৰ টুকুৰা পথৰ দাঁতিৰ খাৱৈত পেলাই দিয়ে। এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে ধনজিৎ ডেকাক তিনিচুকীয়াৰ পৰা আৰু ধনজিতৰ বন্ধু অৰূপ দাসক খানাপাৰাৰ পৰা গ্ৰেপ্তাৰ কৰে।

 

Category
Profile picture for user UB Photos