‘‘প্ৰিয়লীনা এগৰাকী সাহসী ছোৱালী। তাই কেতিয়াও তেনে কৰিব নোৱাৰে। তাই ইউটিউবক লৈ যথেষ্ট সপোন দেখিছিল। তাইক হত্যা কৰা হৈছে।’’ – এই ভাষ্য প্ৰিয়লীনাৰ এগৰাকী বান্ধবীৰ।
কান্দি কান্দি প্ৰিয়লীনাৰ মৃত্যুৰ উচিত ন্যায় দাবী কৰে বান্ধৱীগৰাকীয়ে। যুৱতীগৰাকীয়ে কয়, ‘তাই ৰাইড কৰি ভাল পাইছিল৷ ৰাইড কৰি দেৰিকৈ ঘৰলৈ ওভতাৰ বাবে তাইক ঘৰত বেয়া পাইছিল । কিছু কথাত কাজিয়া হৈছিল তাইৰ পংকজৰ সৈতে।’
উল্লেখযোগ্য যে খুব কম দিনৰ ভিতৰতে ‘চাংগি ব্লগাৰ’ নামেৰে ইউটিউব চেনেলৰ জৰিয়তে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰিয়লীনা নাথ ৷ সফল ইউটিউবাৰৰ সমান্তৰালকৈ এগৰাকী ভাল বাইক ৰাইডাৰো আছিল প্ৰিয়লীনা নাথ (Priyolina Nath) ৷
৬ মাহ পূৰ্বে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰিয়লীনাই চিনাকী হৈছিল জামুগুৰিহাটৰ পংকজ নাথৰ সৈতে৷ সেই চিনাকী লাহে লাহে প্ৰেমলৈ ৰূপান্তৰিত হৈছিল। পৰিয়ালৰ সন্মতিক্ৰমে ৩ মাহ পূৰ্বে দুয়োৰে আইনী বিবাহ হয়। তাৰ পিছতে পংকজৰ মাতৃ–ভগ্নী আৰু পিতৃৰ সৈতে বামুণীমৈদামৰ এটা ভাড়াঘৰত থাকিবলৈ লয় প্ৰিয়লীনাই ৷
পংকজৰ মাতৃৰ মতে, পংকজে শনিবাৰে ফাৰ্মাচী বন্ধ কৰি ঘৰলৈ ঘূৰি অহালৈ নিজৰ কোঠাত দুৱাৰ বন্ধ কৰি শুই গৈছিল প্ৰিয়লীনা।
- Log in to post comments