ফাদিল হ’ব বহুতো ৰহস্য, ষড়ষন্ত্ৰৰ! কাইলৈ খোলা হ’ব ১৯ বছৰে বন্ধ নীলমণি ফুকনৰ চিঠিখন

Nilamani

অৱশেষত পালেহি অতি ধৈৰ্যৰে বাট চাই থকা দিনটো। কাইলৈ প্ৰেছ ক্লাৱত খোলা হব কাব্যঋষিৰ ১৯ বছৰে বন্ধ চিঠি খন।২০০৪ চনত বিশিষ্ট নিবন্ধকাৰ, সাংবাদিক নিত্য বৰাৰ হাতত দি গৈছিল জ্ঞানপীঠ বিজয়ী কবি গৰাকীয়ে। আৰু কৈছিল-মোৰ বিশ্বাস ৰাখিবা, মোৰ মৃত্যুৰ পিছতহে চিঠি খন খুলিবা। আৰু সেই বিশ্বাস ৰাখিছিল নিত্য বৰাই।

কবিগৰাকীৰ মৃত্যুৰ পিছতেই চিঠিখন খোলাৰ কথা আছিল যদিও কাব্যঋষিৰ পৰিয়ালবৰ্গই তেখেতৰ আদ্যশ্ৰাদ্ধ অৰ্থাৎ ৩১ জানুৱাৰীৰ পিছতহে চিঠিখন খুলিবলৈ অনুৰোধ কৰিছিল। সেই অনুৰোধ মৰ্মে নিত্য বৰাই কাইলৈ দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাৱত খুলিব বহু প্ৰতীক্ষিত এই বন্ধ খামটো।

Category
Profile picture for user UB Photos