চাহৰ লগত নিমখীয়া বস্তু খাই ভাল পাই নেকি আপুনি? সাৱধান! স্বাস্থ্যৰ পক্ষে হ’ব পাৰে হানিকাৰক!

tea

প্ৰতিদিনে পুৱা-গধূলি চাহৰ লগত নিমখীয়া বস্তু খাই আপুনি ভাল পাই নেকি। বহু মানুহে চাহৰ লগত নিমখীয়া বস্তু খাই ভাল পায়। এনেদৰে আপুনি নিজৰে বিপদ মাতিছে। আচলতে যিমানেই নিমখীয়া খাব সিমানেই দেহৰ ক্ষতি হয়। কিছুমান মানুহে নমকিনৰ সোৱাদৰ বাবে সকলো পাহৰি প্ৰতিদিনে পুৱা-গধূলি খোৱাৰ অভ্যাস গঢ়ি তোলে যিটো স্বাস্থ্যৰ বাবে হানিকাৰক।

চাহৰ লগত নমকিন খালে কি কি অপকাৰ হ'ব পাৰে জানো আহক। পুষ্টি বিশেষজ্ঞ নিখিল ভাটছে কয় যে নিমখীয়া বস্তু স্বাস্থ্যৰ বাবে একেবাৰেই ভাল নহয়। তেওঁ কয় যে নমকিন বনোৱাৰ প্ৰক্ৰিয়াটোৱেই আটাইতকৈ ক্ষতিকাৰক। আচলতে নিমখীয়াত ব্যৱহৃত ময়দা হৈছে Refined Carbohydrate, যিটো হজম হবলৈ বহু সময় লাগে আৰু লগতে শৰীৰত চৰ্বি বৃদ্ধি কৰে কাৰণ ই প্ৰত্যক্ষভাৱে ইনচুলিন ফেট গেইন হৰমন বৃদ্ধিৰ কাম কৰে। তেওঁ আৰু কয় যে ইয়াৰ পিছত নমকিন বনোৱাৰ প্ৰক্ৰিয়াত ৰিফাইনড ছয়া অইল বা সৰিয়হৰ তেল ব্যৱহাৰ কৰা হয় যাৰ ফলত ধমনীত তৰপ পৰিবলৈ আৰম্ভ কৰে।

এনে অৱস্থাত ইয়াৰ বাবেই আপুনি ব্লাড প্ৰেছাৰ ৰোগত আক্ৰান্ত হব পাৰে। ইয়াৰ লগতে নিখিল ভাটছে কয় যে নমকিন আৰু চাহৰ পৰা sugar coatingৰ দৰে বিষাক্ত পদাৰ্থ শৰীৰত প্ৰৱেশ কৰে যাৰ ফলত মানুহৰ যকৃতৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে। সেয়েহে তেওঁ কয় যে এনেবোৰ বস্তু খালেও খুব কম পৰিমাণত খাব লাগে আৰু সদায় খোৱাৰ অভ্যাস গঢ়ি তুলিব নালাগে। 

 

Category
Profile picture for user UB Photos