
ফল খোৱাৰ পিছত পানী খাব নালাগে বুলি কোৱা আপুনি নিশ্চয় এবাৰ হ’লেও শুনিছে। বিশেষজ্ঞসকলৰ মতে, যি ফলত পানীৰ পৰিমাণ অধিক সেই ফল খোৱাৰ পাছত পানী পান কৰাটো উচিত নহয়। উদাহৰণ স্বৰূপে, তৰমুজ, তিয়ঁহ, কমলা, আনাৰস, ষ্ট্ৰবেৰী আদি ফল খোৱাৰ পাছত কেতিয়াও পানী খাব নালাগে।
ফল খাই পানী খালে হ’ব পৰা সমস্যা সমূহ তলত উল্লেখ কৰা হ’ল-
(ক) পিএইচৰ মাত্ৰা হ্ৰাস: ফল খোৱাৰ পিছত পানী খালে খাদ্যৰ হজমত ব্যাঘাত জন্মিব পাৰে। কিয়নো যি ফলত পানী থাকে সেই ফল খোৱাৰ পাছত পানী খালে শৰীৰত পিএইচৰ মাত্ৰা হ্ৰাস পায়।
(খ) ডায়েৰিয়া হ'ব পাৰে: সঠিক নিয়ম অনুসৰি খালে তিয়ঁহ বা তৰমুজে খাদ্যৰ হজম ক্ৰিয়াত সহায় কৰে। ফলস্বৰূপে, যদি কোষ্ঠকাঠিন্যৰ সমস্যা থাকে তেতিয়া এই ফলে শৌচ ত্যাগত সহায় কৰে। যদি আপুনি এই ফল খোৱাৰ পাছত পানী খায় তেতিয়া সেই প্ৰক্ৰিয়াটো অতি সক্ৰিয় হ'ব পাৰে আৰু ডায়েৰিয়াৰ সৃষ্টি কৰিব পাৰে।
(গ) পেট ফুলিব পাৰে- ফল খোৱাৰ পাছত পানী পান কৰিলে হজম নোহোৱাৰ ফলত পেট ফুলিব পাৰে।কাৰণ, ফল খোৱাৰ পাছত পানী খালে পেটত গৈ ই কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰিবলৈ লয়। ইয়াৰ ফলত গেছ বা পেট ফুলাৰ দৰে সমস্যাত ভুগিব পাৰে আপুনি।
- Log in to post comments