কেঁচু খান্দোতেই ওলাল সাপ। অৱশেষত আৰক্ষীৰ জালত জিলা পৰিবহণ বিষয়া!

Arrest

অৱশেষত আৰক্ষীৰ জালত পৰিল সোঁওৱে-বাঁওৱে সম্পত্তিৰ পাহাৰ গঢ়া কোকৰাঝাৰৰ DTO সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰী।

অপৰাধমূলক গোচৰত দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে মুছাহাৰীক। কোকৰাঝাৰৰ জিলা পৰিবহণ বিষয়া আছিল মোছাহাৰী। মুছাহাৰীৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে ৩৬ লাখ টকা। ডিএচপি পুনম পেগুৰ নেতৃত্বত আটক হয় সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰী। সোমেশ্বৰৰ নেতৃত্বতে গোসাঁইগাঁৱত জনস্বাক্ষুৰ অজ্ঞাতে গঢ় লৈ উঠিছিল আন এখন চেকগেট। ছিণ্ডিকেট, দুৰ্নীতি,বলপূৰ্বক ধন সংগ্ৰহ আদিৰ লগতো জড়িত আছিল সোমেশ্বৰ। শ্ৰীৰামপুৰ, গোসাঁইগাঁৱৰ ভিন্ন স্থানত সোমেশ্বৰৰ টীমে চলাই আহিছিল বৃহৎ ছিণ্ডিকেটৰাজ। শ্ৰীৰামপুৰত মটৰ পৰিবহণ বিভাগৰ নামত অবাধে ধন সংগ্ৰহ কৰাৰ অভিযোগত শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু ৯জনক।

কোকৰাঝাৰ DTO কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত পৰিবহন বিষয়াক বৃহৎ পৰিমানৰ টকা সহ হাতে লোটে গ্ৰেপ্তাৰে ৰাজ্য জোঁকাৰি নিয়াৰ পিছতে অসম আৰক্ষীৰ অভিযানত পুনৰ আন তিনিজন পৰিবহন বিভাগৰ বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ হৈছে ৷ বৰ্তমান কোকৰাঝাৰ সদৰ আৰক্ষী থানাত ধৃত তিনি পৰিবহন বিভাগৰ লোকক মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ এওলোক এজন এনফৰছমেন্ট পৰিদৰ্শক ৰিচাৰ্ড মুছাহাৰী আৰু বাকী দুজন DTO কাৰ্যালয়ৰ ষ্টাফ ক্ৰমে মনোজ বসুমতাৰী আৰু সুভিত দে’ বুলি জনা গৈছে ৷ উল্লেখ্য যে,গোসাইগাও সদৰ থানাত ৰুজু হোৱা ৩৮৬/২২ গোচৰৰ ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৩৮৭/৫০৬/৩৫ ধাৰাত DTO সহ উক্ত চাৰিজন লোকক আৰক্ষীয়ে আটক কৰিবৰ সক্ষম হয় ৷ অৱশ্যে তদন্তৰ খাতিৰত এতিয়াও মূখ খোলা নাই ৷

Category
Profile picture for user UB Photos