ফুটবল প্ৰেমীৰসকলৰ বাবে দুখবৰ! U-17 মহিলা বিশ্বকাপ ২০২২ অনুষ্ঠিত কৰিব নোৱাৰিব ভাৰতত

Women Fifa World Cup

ফুটবল প্ৰেমীৰসকলৰ বাবে দুখবৰ। FIFAই নিলম্বন কৰিলে All India Football Federation চমুকৈ AIFFক। FIFAৰ নীতি-নিয়ম উলংঘা কৰাৰ অপৰাধত তাৎক্ষণিকভাৱে নিলম্বন কৰে AIFFক।

তৃতীয় পক্ষৰ অযথা প্ৰভাৱৰ কথা উল্লেখ কৰি ফিফায়ে নিলম্বন কৰে ভাৰতীয় ফুটবল ফেডাৰেচনক। তাৰোপৰি, ২০২২ চনৰ ১১ অক্টোবৰৰ পৰা ৩০ অক্টোবৰলৈ ভাৰতত অনুষ্ঠিত হ’বলগীয়া ফিফা অনূৰ্ধ্ব-১৭(U-17) মহিলা বিশ্বকাপ ২০২২ পৰিকল্পিতভাৱে অনুষ্ঠিত কৰিব নোৱাৰিব ভাৰতত।

ফিফাৰ দ্বাৰা জাৰী কৰা এক চৰকাৰী সংবাদ মাধ্যমৰ বিজ্ঞপ্তিত কোৱা হয়, “ফিফা পৰিষদৰ ব্যুৰোৱে সৰ্বসন্মতিক্ৰমে তৃতীয় পক্ষৰ অযথা প্ৰভাৱৰ বাবে তাৎক্ষণিক ভাৱে অল ইণ্ডিয়া ফুটবল ফেডাৰেচন (এআইএফএফ) নিলম্বন কৰাৰ সিদ্ধান্ত লৈছে, যি ফিফা আইনৰ গুৰুতৰ উলংঘন।”

বিজ্ঞপ্তিটোত উল্লেখ কৰা অনুসৰি, “ফিফাই প্ৰতিযোগিতাখনৰ সন্দৰ্ভত পৰৱৰ্তী পদক্ষেপবোৰো মূল্যায়ন কৰি আছে আৰু প্ৰয়োজন হ’লে বিষয়টো পৰিষদৰ ব্যুৰোলৈ প্ৰেৰণ কৰিব।”

Category
Profile picture for user UB Photos