ৰাজ্যত ক্ৰমান্বয়ে বাঢ়িছে ক'ৰোনাৰ সংক্ৰমণ, কামৰূপ মেট্ৰ'ত ৪০গৰাকী সংক্ৰমিত

Covid 19

ৰাজ্যত হুৰা হুৰে বৃদ্ধি হৈছে কোভিডৰ সংক্ৰমণ। তথাপিও জনসাধাৰণৰ লগতে স্বাস্থ্য বিভাগ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষ দুয়োৰে মাজত আকাংক্ষিত সতৰ্কতা নাই বুলিয়ে কব পাৰি।

সদ্য় সমাপ্ত কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা ইয়াৰ সংক্ৰমণৰ মুখ্য উদাহৰণ। ৰাজ্যৰ বাহিৰৰ পৰা অহা কেইবাজনো তীৰ্থযাত্ৰীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ, কিন্তু একে সময়তে আন হাজাৰ হাজাৰ ভক্তগনক মুক্তভাৱে বিচৰণ কৰি থকা দেখা গৈছে।

মনকৰিবলগীয়া যে ৰাজ্যখনত কোভিডৰ সংক্ৰমণ হাৰ বৃদ্ধি হোৱা স্বত্বেও মন্দিৰৰ চৌহদত বাধ্যতামূলক কোভিড পৰীক্ষাৰ কোনো ব্যৱস্থা কৰা নহ'ল।

সোমবাৰে অসমত কোভিডত আক্ৰান্ত হয় ৬০ জনকৈ লোক। বিগত কেইদিনৰ হিচাপত এয়া হৈছে সৰ্বাধিক।

আনহাতে কোভিড পজিটিভৰ হাৰ ৬.৭১ শতাংশলৈ বৃদ্ধি হয়। ইয়াৰে কামৰূপ মেট্ৰ'ত ৪০ গৰাকী লোক কোভিডত আক্ৰান্ত হয় ২৭ জুনৰ দিনটোত। 

ইফালে, ভাৰতত যোৱা ২৪ ঘণ্টাত ১১,৭৯৩টা নতুন ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ কেছ নথিভুক্ত হৈছে, ফলত মুঠ কোভিড-১৯ ৰোগীৰ সংখ্যা ৪,৩৪,১৮,৮৩৯ হৈছেগৈ। 

Category
Profile picture for user UB Photos