আজি বুদ্ধ পূৰ্ণিমা, আজিৰ দিনটোতেই দৃশ্যমান হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ!

eclipse

আজি ১৬ মে’। আজিৰ দিনটোত পালন কৰা হৈছে বুদ্ধ পূৰ্ণিমা।

বছৰটোৰ প্ৰথম সূৰ্যগ্ৰহণৰ পিছত মানুহে ১৬ মে'ত বছৰটোৰ প্ৰথম চন্দ্ৰগ্ৰহণ চাবলৈ সাজু হৈছে। এই চন্দ্ৰগ্ৰহণক ৰঙা চন্দ্ৰ বা ব্লাড মুন বুলিও জনা যাব।

ভাৰতীয় সময় অনুসৰি সোমবাৰে পুৱা ৭:০২ বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ আৰু দুপৰীয়া ১২-২০ বজাত সমাপ্ত হ’ব।পাঁচ ঘন্টাতকৈয়ো অধিক সময় চন্দ্ৰগ্ৰহণ চলিব। অৱশ্যে এই চন্দ্ৰগ্ৰহণ ভাৰতত দৃশ্যমান হোৱাৰ সম্ভাৱনা নাই।
 

চন্দ্ৰগ্ৰহণ দক্ষিণ-পশ্চিম ইউৰোপ, দক্ষিণ-পশ্চিম এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, প্ৰশান্ত মহাসাগৰ, ভাৰত মহাসাগৰ, আটলাণ্টিক আৰু এণ্টাৰ্কটিকাকে ধৰি কেইবাটাও অঞ্চলত দৃশ্যমান হ’ব। 

জানিব পৰা মতে, আজি সূৰ্য আৰু চন্দ্ৰৰ মাজত একেটা শাৰীতে অৱস্থান কৰিব পৃথিৱীয়ে।যাৰ ফলতেই পৃথিৱীৰ ছাঁ য়ে ঢাকি পেলাব চন্দ্ৰক। ইয়াকেই চন্দ্ৰগ্ৰহণ বোলা হয়। যদি পৃথিৱীয়ে সূৰ্যক সম্পূৰ্ণৰূপে আৱৰি ৰাখে আৰু চন্দ্ৰক পৃথিৱীৰ বাবে সম্পূৰ্ণৰূপে দেখা নাযায় তেতিয়া ইয়াক পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ বুলি কোৱা হয়।

আজিৰ চন্দ্ৰগ্ৰহণক কিয় ব্লাড মুন বুলি কেৱা হৈছে জানেনে, যিহেতু চন্দ্ৰগ্ৰহণ পূৰ্ণিমাৰ দিনা হৈছে, সেয়ে পৃথিৱীৰ ছাঁ চন্দ্ৰত পৰাৰ পিছতে চন্দ্ৰই ৰং প্ৰতিফলিত কৰিব কিয়নো পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেৰে অহাৰ পিছত সূৰ্যৰ পোহৰ চন্দ্ৰপৃষ্ঠত পৰিব আৰু তৰংগদৈৰ্ঘ্যৰ বাবে ৰঙা ৰং ধৰি ৰাখিব। সেইহেতুকে ৰঙা দেখা যাব। এই ৰক্ত ৰঙৰ বাবেই 'ব্লাড মুন' শব্দটোৰ জন্ম হৈছে।

উল্লেখ্য যে দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব ৮ নবেম্বৰ তাৰিখে। সেই চন্দ্ৰগ্ৰহণো হ’ব পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ।

Category
Profile picture for user UB Photos