ৰাজ্যত পুনৰ সক্ৰীয় হৈ উঠিছে হনিট্ৰেপিং চক্ৰ! এইবাৰ প্ৰেমৰ জালত পেলাই ব্লেক মেইলিং

HONEY TRAPPING

তেজপুৰত সক্ৰীয় হৈ উঠিছে হনিট্ৰেপিং চক্ৰ ৷ প্ৰথমতে লিভ বিচাৰি অনুৰোধ তাৰ পিচত ফোন নম্বৰ আদান প্ৰদান পৰৱৰ্তী সময়ত প্ৰেমৰ জালত পেলাই ব্লেক মেইলিং ৷

তেজপুৰ চহৰৰ সমীপৱতী  বৰঘাট আৰক্ষী চকীৰ অন্তগত বৰঘুলিৰ নুৰাদুল হক নামৰ যুৱকজন পৰিল হনিট্ৰেপিংৰ জালত।

গোলাপ জাম নামৰ এগৰাকী মহিলাই প্ৰথমে বৰঘাটৰ এজন লোকৰ লগত বিয়া হৈ প্ৰথমা স্বামীক এৰি থৈ পৰৱৰ্তী সময়ত পাচমাইল মমতাজ আলি নামৰ লোক জনৰ লগত দ্বিতীয় বাৰলৈ বিবাহ পাশত আবদ্ধ হয় ৷

ইমানতে ক্ষান্ত নাথাকি এই মহিলা গৰাকীয়ে বৰঘুলীৰ বিবাহিত নুৰাদুল হকক প্ৰেমৰ অভিনয় কৰি আৰম্ভ কৰিলে ব্লেক মেইলিংৰ দৰে ঘটনা ৷ 

উল্লেখ্য় যে, মহিলা গৰাকীয়ে প্ৰথমতে প্ৰতিবেশী বিবাহিতা নুৰাদুলক বজাৰলৈ বুলি  লিভ বিচাৰি পৰৱতী সময়ত প্ৰেমৰ জালত পেলাই ৷ পিচত মহিলা গৰাকীৰ গতি বিধি আৰু আচৰনত অতিষ্ঠ হৈ নুৰাদুলে তেওৰ পৰা আতৰি থাকিব বিচাৰে ৷ তেনে সময়তে মহিলা গৰাকীয়ে বিভিন্ন ভয় ভাবুকিৰে নুৰুলৰ পৰা সৰকায় পঞ্চাশ হাজাৰ টকা ৷

উল্লেখিত ধন খিনি দিয়াৰ সময়ত নটাৰি যোগে এক এগ্ৰিমেণ্ট কৰি ৰাখে ৷ ইমানৰ পিচতো পৰৱৰ্তী সময়ত আকৌ টকা বিচাৰি হাৰাশাস্তি কৰাৰ লগতে নুৰাদুলৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰে ৷ মহিলা গৰাকীৰ এজাহাৰৰ পিচতে নুৰাদুলৰ ভাতৃ জিল হকেও মহিলা গৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷

মনকৰিবলগীয়া যে বিষয়তো হ’ল যে এই  হনিট্ৰেপিং চক্ৰৰ সক্ৰিয়তায়ে অশনি সংকেত কঢ়িয়াইছে চহৰখনলৈ ৷ 
 

Category
Profile picture for user UB Photos