বিৰহ বেদনা! পাগল প্ৰেমিকে জ্বলাই দিলে প্ৰেমিকাৰ বাসগৃহ…

rejected-lover-blamed-for-indore-inferno-that-killed-7

প্ৰেমত অন্ধ প্ৰেমিক। প্ৰেমান্ধ প্ৰেমিকৰ এক কাণ্ডই আচৰিত কৰি তুলিছে দেশবাসীক। পাগল প্ৰেমিকে জ্বলাই দিলে প্ৰেমিকা থকা আৱাসিক বাসগৃহ। এই ঘটনা সংঘটিত হৈছে ইণ্দোৰৰ বিজয়নগৰত। ভয়ংকৰ অগ্নিকাণ্ডত মৃত্যুক সাৱটিলে সাতজন লোকে।

 

শনিবাৰে পুৱতি নিশা ইন্দোৰৰ স্বৰ্ণবাঘ এলেকাত এজন যুৱকে জ্বলাই দিয়ে তিনিমহলীয়া এটা বাসগৃহ। প্ৰেম প্ৰত্যাখ্যান সহিব নোৱাৰি যুৱকজনে প্ৰথমতে বাসগৃহৰ সন্মুখত ৰখাই থোৱা প্ৰেমিকাগৰাকীৰ স্কুটাৰখন জ্বলাই দিয়ে। সেই স্কুটাৰৰ পৰাই আশে-পাশে থকা বাহনসমূহলৈ বিয়পি পৰে জুই। জুইৰ লেলিহান শিখাই চৌপাশ আৱৰি ধৰাত উপায়বিহীন হৈ পৰে নিৱাসীসকল। আৱাসিক গৃহটোত থকা লোকসকলে বাহিৰলৈ পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও প্ৰৱেশ পথ জুইয়ে আৱৰি ধৰাত আৱদ্ধ হৈ পৰে লোকসকল। অগ্নিকাণ্ডৰ ফলত দুগৰাকী মহিলাসহ মৃত্যুক সাৱটি লয় সাতজন লোকে। আনহাতে কেইবাজনকো সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় হাস্পতালত। অৱশ্যে, যুৱতীগৰাকী আৰু তেখেতৰ মাতৃ জীৱিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

 

ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী সময়ত কাষৰ বাসগৃহত সংলগ্ন হৈ থকা CCTVৰ ফুটেজ প্ৰত্যক্ষ কৰি অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰা যুৱকজন সঞ্জয় আলিয়াছ ওৰফে শুভম দিক্সিট বুলি জানিব পৰা গৈছে। ছমাহ পূৰ্বে সেই আৱাসিক বাসগৃহতে ভাৰাতীয়া হিচাপে আছিল শুভম। তেতিয়াই শুভমে প্ৰেমত পৰিছিল একে বাসগৃহৰে এগৰাকী যুৱতীৰ সৈতে। কিন্তু শেহতীয়াকৈ যুৱতীগৰাকীৰ বিয়া থিক হোৱাৰ খবৰ গম পাই খঙত অগ্নিশৰ্মা হৈ পৰে যুৱকজন। সেয়েহে যুৱকজনে সংঘটিত কৰে এই ঘটনা।

 

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘটনা সংঘটিত কৰা সঞ্জয় আলিয়াছক। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

Category
Profile picture for user UB Photos