Indore

জীৱনে কেতিয়া কি ৰূপ লয় সেয়া কোনেও ক’ব নোৱাৰে। এটা চিগাৰেটৰ বাবেই প্ৰাণ হেৰুৱালে এগৰাকী ছাত্ৰীয়ে।

হিৰণ্যা মালৱা নামৰ ছাত্ৰীগৰাকীয়ে এদিন তাইৰ প্ৰশিক্ষণ কেন্দ্ৰৰ ওচৰত চিগাৰেট খাই আছিল যাৰ ফটো তাইৰ বন্ধুবৰ্গই তুলিছিল আৰু তাইক ছ'চিয়েল মিডিয়াত ভাইৰেল কৰাৰ ভাবুকি দিছিল।

তাইৰ মাক দেউতাকে এই বিষয়ে জানিব নালাগে বুলি এই আশংকাৰ বাবেই ছাত্ৰীগৰাকীয়ে নিজৰ ঘৰত ফাঁচী লগাই আত্মহত্যা কৰে। 

এখন সুপৰিচিত ব্যক্তিগত বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী আছিল হিৰণ্যা। হিৰণ্যাৰ পিতৃ এজন শিশু চিকিৎসক আৰু মাতৃ গৰাকী চুবুৰীয়া বৰৱানীজিলাৰ এগৰাকী নাৰ্ছ।