বিহালীৰ বৰগাঙত ধৰ্ষণ কাণ্ড! শুই থকা অৱস্থাত কোঠালিৰ খিৰিকী ভাঙি ধৰ্ষণ লম্পটৰ

Bihali Rape Case

বিহালীত পুনৰ চাঞ্চল্যৰ ঘটনা, এগৰাকী কিশোৰীক নিশা কোনো নথকাৰ সুযোগত উপৰ্যুপৰি ধৰ্ষণ দুই সন্তানৰ পিতৃ এগৰাকী লম্পটৰ ৷

দুই সন্তানৰ পিতৃ কৰণ তামাং নামৰ এটা লম্পটে এগৰাকী ১৫ বছৰীয়া কিশোৰীক চলালে বলপূৰ্বক ধৰ্ষণ ৷ এই কু কাণ্ড সংঘটিত হৈছে বিহালীৰ বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰত ৷

জানিব পৰা মতে মঙ্গলবাৰে নিশা বৰগাং থানাৰ অন্তৰ্গত ৰামপুৰ গাঁৱত নিশাৰ ভাগত এগৰাকী ১৫ বছৰীয়া কিশোৰী শুই থকা অৱস্থাত কোঠালিটোৰ খিৰিকী ভাঙি একেগাঁৱৰে দুই সন্তানৰ পিতৃ  লম্পট কৰণ তামাং য়ে সংঘটিত কৰে এই কু-কাণ্ড ৷

উল্লেখযোগ্য যে পিতৃ মাতৃ বিহীন ঘাট মাউৰা কিশোৰী গৰাকী নিজৰ খুৰাক খুৰীয়েকৰ ঘৰতে থাকিছিল। এই সুযোগ লৈয়ে তাই সুকিয়াকৈ থকা কোঠাটোত সংঘটিত কৰে  কৰণ তামাং নামৰ কু চৰিত্ৰৰ লম্পটটোৱে এই জঘন্য কাণ্ড। 

ইতিমধ্যে বৰগাং আৰক্ষীয়ে পাষণ্ডটোক আটক কৰি বিহালী থানাৰ কেছ নং 34/2022 নংত গোচৰ ৰুজো কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 457/376 IPC ৰ POCSO আইনত জেল হাজোতলৈ প্ৰেৰণ কৰে ৷

ইফালে ভূক্তভোগী যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে লম্পট কৰণ তামাঙক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী তুলিছে।
 

Category
Profile picture for user UB Photos