
২৭ এপ্ৰিলৰ পৰা ৬ মে, ২০২২ তাৰিখলৈ অষ্ট্ৰিয়াৰ লিঞ্জত অনুষ্ঠিত বিশ্ব টেবুল টেনিছ যুৱ প্ৰতিদ্বন্দীত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ অসমৰ প্ৰতিভাশালী অসম পেডেলাৰ প্ৰিয়ানুজ ভট্টাচাৰ্যক নিৰ্বাচিত কৰা হৈছে।
আজি দিল্লীৰ পৰা অষ্ট্ৰিয়ালৈ আন নিৰ্বাচিত খেলুৱৈসকলৰ সৈতে তেওঁ ৰাওনা হ'ব।
অসম টেবুল টেনিছ সংস্থাৰ সভাপতি পিযুষ হাজৰিকা, সম্পাদক ত্ৰিদিব দুৱৰা আৰু আটাৰ সকলো কাৰ্যবাহী সদস্যই তেওঁক চেম্পিয়নশ্বিপৰ বাবে অভিনন্দন জনাইছে আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।
Category
- Log in to post comments