প্ৰেমিকক April Fool বনাই প্ৰেমিকাৰ হ'ল এই গতি, পৰিণতি ব্ৰেকআপ...

April Fool

আজি এক ১ এপ্ৰিল, অর্থাৎ এপ্ৰিল ফুল দ্যে। 

এপ্ৰিল ফুল দ্যে ৰ লগত সংগতি ৰাখি আমি এগৰাকী মহিলাৰ বিষয়ে কব বিচাৰিছো। তেওঁ নিজৰ প্ৰেমিকক এপ্ৰিল ফুল বনাবলৈ গৈ অৱশেষত সম্পৰ্ক শেষ কৰাৰ দৰে এটা কঠোৰ সিদ্ধান্ত ল'লে।

জানিব পৰা মতে, ব্ৰাজিল মডেল ক্ৰিছ গলেৰাই কয় যে, তেওঁ নিজৰ বয়ফ্ৰেণ্ডক এপ্ৰিল ফুল বনাবলৈ এনে এটা ধেমালী কৰাৰ প্লান কৰিলে।

মহিলাগৰাকীয়ে নিজৰ বয়ফ্ৰেণ্ডক কয় যে, এডাল্ট ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত কাম কৰিবলৈ মই আগ্ৰহী। আমি দুয়ো এই ক্ষেত্ৰত আগবাঢ়িব পাৰো। 

প্ৰতিবাৰেই মহিলাগৰাকীয়ে এই সম্পৰ্কত আপত্তি কৰিছিল। প্ৰেমিকক স্পষ্টকৈ কৈছিল যে, তেওঁ এনে কাম একেবাৰে ভাল নাপায়। কিন্তু এপ্ৰিল ফুলছৰ বাবে তেওঁ এইটোৱেই প্লান কৰে। ক্ৰিছে প্ৰেমিকক কয় যে, তেওঁ এতিয়া মন সলনি কৰিছে আৰু এই কামৰ বাবে ক্লাৱলৈ যোৱাৰ সিদ্ধান্ত লৈছে। অহা সপ্তাহৰ পৰা এই কাম আৰম্ভ কৰিব।

মহিলাগৰাকীয়ে ভাবিছিল যে, প্ৰেমিকে এই কথা শুনি আচৰিত হ'ব। কিন্তু প্ৰেমিকৰ ৰিপ্লাই দেখি আচৰিত হৈ পৰে মহিলাগৰাকী। মহিলাগৰাকীক কয় যে, মই এই কথা জানি বৰ সুখী হৈছো। বহুদিনৰ পৰা মই এয়াই বিচাৰি আছিলো।' আৰু এতিয়া প্ৰেমিকৰ মনোভাৱ জানিব পাৰি সম্পৰ্ক বিচ্ছেদৰ চিন্তা-চৰ্চা কৰা বুলি জনাই ক্ৰিছে।

Category
Profile picture for user UB Photos