এইবাৰৰ হোলীত লোকচানৰ সন্মুখীন চীন, ভাৰতৰ বজাৰত হেৰাল চীনা সামগ্ৰী…

Holi

ৰঙৰ উৎসৱ ফাকুৱা অথবা হোলীত ৰং-বিৰঙী সামগ্ৰীৰে ভৰিল ভাৰতীয় বজাৰ। পিছে এইবাৰ ব্যতিক্ৰম হ’ল ফাকুৱাৰ বজাৰ। কিয়নো বিগত বৰ্ষৰ দৰে এইবাৰ ভাৰতৰ বজাৰত নাই চীনা সামগ্ৰী। বজাৰত যথেষ্ট পৰিমাণে বিক্ৰী হ’ল ভাৰতীয় সামগ্ৰী।

holi market

বিগত ২টা বছৰ ধৰি ক’ৰোনা মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰা ভাৰতত এইবাৰ মুকলি মনেৰে ফাকু খেলিলে সকলোৱে। সম্পূৰ্ণ ভাৰতত নিৰ্মিত সামগ্ৰী, ভাৰতত প্ৰস্তুত কৰা ফাকুগুড়িৰে ফাকুৱা খেলিলে ভাৰতীয়ই। অৱশ্যে ভাৰতে চীনৰ সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰাত যথেষ্ট লোকচানৰ সন্মুখীন হ’ল চীন। কিয়নো চুবুৰীয়া ৰাষ্ট্ৰ হোৱা হেতুকে চীনৰ অধিকাংশ সামগ্ৰীয়েই ৰপ্তানি হয় ভাৰতলৈ। কিন্তু এইবাৰ ফাকুৱাত চীনৰ সামগ্ৰীক ত্যাগ কৰাৰ সিদ্ধান্ত লয় ভাৰত চৰকাৰে।

ফাকুৱা হওঁক বা দেৱালীয়েই নহওঁক কিয়, ভাৰতত উৎসৱৰ বতৰত চীনা সামগ্ৰীৰে ভৰি পৰে বজাৰ। কিন্তু এইবাৰ ভাৰতীয় সামগ্ৰীৰ সৈতে সকলোৱে উদযাপন কৰিলে হোলী। দেশত নিৰ্মিত পিচকাৰী, ফাকুগুড়ি ব্যৱহাৰ কৰিলে সকলো ভাৰতীয়ই। যাৰফলত যথেষ্ট লাভান্বিত হ’ল ভাৰতীয় ব্যৱসায়ীসকল। আনকি ব্যৱসায়ীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জ্ঞাপন কৰি কয় যে, দুবছৰ বনবাসৰ পিছত ব্যৱসায়ীসকলে যথেষ্ট উলহ-মালহেৰে উদযাপন কৰিলে হোলী।

Category
Profile picture for user UB Photos