ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ: ইউক্ৰেইনত ভাৰতীয় ছাত্ৰক প্ৰহাৰ; ভিডিঅ' হ'ল ভাইৰেল...

Attack on indian students

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত হোৱা যুদ্ধৰ মাজতে ইউক্ৰেইনত ভাৰতীয় শিক্ষাৰ্থীসকলৰ ওপৰত আক্ৰমণৰ খবৰ পোহৰলৈ আহিছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এটা ভিডিঅ' টুইটাৰত শ্বেয়াৰ কৰে আৰু ইয়াৰ বিষয়ে অৱগত কৰে। ইয়াৰ লগতে ৰাহুল গান্ধীয়ে মোদী চৰকাৰক এই কঠিন সময়ত ভাৰতীয় শিক্ষাৰ্থীসকলক অকলে এৰি নিদিবলৈও আহ্বান জনায়।

এক নতুন সংকটে এতিয়া ইউক্ৰেইনত ভাৰতীয় শিক্ষাৰ্থীসকলক আগুৰি ধৰিছে। পোলেণ্ডৰ সীমান্তত নিয়োজিত ইউক্ৰেইনৰ কিছুমান সেনা জোৱানৰ বিৰুদ্ধে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ এটা দলক বলপূৰ্বক বাধা দিয়া আৰু তেওঁলোকক মাৰপিট কৰা আৰু ভাবুকি দিয়াৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি, ভাৰতীয় শিক্ষাৰ্থীসকলক ইউক্ৰেইনৰ সেনাই সীমান্তত আক্ৰমণ কৰে আৰু এই আক্ৰমণত এগৰাকী ছাত্ৰীৰ হাত ভাঙে। আনহাতে তেওঁ ভয় খুৱাবলৈ গুলীচালনাও কৰা হৈছিল। আক্ৰমণটো সংঘটিত কৰা ইউক্ৰেইনৰ সৈনিকসকলে শিক্ষাৰ্থীসকলক কৈছিল যে ভাৰত চৰকাৰে ইউক্ৰেইনক সমৰ্থন কৰা নাই, গতিকে তেওঁলোকে কিয় সহযোগিতা কৰিব।

Category
Profile picture for user UB Photos