এইবাৰ খাকী পোছাক পিন্ধা ডকাইত! ৬ জনীয়া এটা দলৰ বলপূৰ্বক লুটপাত

Robbery

মহানগৰীৰ মাজমজিয়াত চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা  

উলুবাৰীৰ হাফিজ নগৰৰ নিবাসী মতি কুমাৰীৰ ঘৰত সংঘটিত ডকাইতিকাণ্ড

আৰক্ষীৰ পোছাক পিন্ধি নিজকে পুলিচ বুলি পৰিচয় দি ৬ জনীয়া এটা দলে বলপূৰ্বক ভাবে সোমাই চলায় লুটপাত।

দুৱাৰ খুলি নিদিয়াত খিৰিকী ভাঙি লৈ যায় ম'বাইল।

লগতে দাবী ধমকি দি ওচৰৰ কেইবাটাও ঘৰত ত্ৰাসৰ সৃষ্টি কৰে অঞ্চলটোত।

ইতিমধ্যে CCTVত বন্দী হৈছে সমগ্ৰ দৃশ্য।

ভুক্তভোগী মহিলাগৰাকীয়ে ডকাইতিৰ অভিযোগ তুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

Category
Profile picture for user UB Photos