গোসাঁইগাঁৱত পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে মাতৃয়ে।
কুলঙ্গাৰ পুত্ৰই মাদক দ্ৰব্যৰ নিচাত মৰিয়াই মৰিয়াই হত্যা কৰে মাতৃক। কোকৰাঝাৰ জিলাৰ মৰনৈ চাহ বাগিচাত সংঘটিত হোৱা এই ঘটনাই এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ঘটনা অনুসৰি, কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ মহকুমাৰ গ্ৰাহামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত মৰনৈ চাহ বাগিচাত মঙলবাৰে মাজ নিশা পুত্ৰ পত্ৰেশ ভাংৰাই মৰিয়াই মৰিয়াই হত্যা কৰে ৫৬ বছৰীয়া মাতৃক।
মৃত মাতৃ ভিনছাৰী ভাংৰাই ৰাতি নৈশ আহাৰ গ্ৰহণ কৰি বিছনাত শুই পৰাৰ পিছত মাজৰাতি পুত্ৰই মাদক দ্ৰব্য সেৱন কৰি ঘৰলৈ আহে। কিবা কথাত মাক-পুতেকৰ কাজিয়া লগাত পুত্ৰ পত্ৰেশ ভাংৰাই মদৰ ৰাগিত কুঠাৰেৰে ঘপিয়াই মাতৃক হত্যা কৰে।
মাতৃ ভিনছাৰী ভাংৰা মৰনৈ চাহ বাগিচাৰ শ্ৰমিক আছিল। কিছুদিন পূৰ্বে তেওঁ বাৰ্ধক্যজনিত কাৰণত কামৰ পৰা অৱসৰ লৈছিল। প্ৰায় প্ৰতিদিনে এনেদৰে মাদক দ্ৰব্য সেৱন কৰি ঘৰলৈ অহা পুত্ৰই কালি নিশা চৰম অপৰাধ সংঘটিত কৰে। গ্ৰাহামপুৰ আৰক্ষীয়ে ঘটনাৰ খবৰ পাই নিশা ২.৩০ বজাত পত্ৰেশ ভাংৰাক আটক কৰি থানালৈ আনে।
- Log in to post comments