দিন দুপৰতে ডকাইতি; মহানগৰৰ মাজমজিয়াৰ পৰা দুৰ্বৃত্তই লুটি নিলে ৩ লাখ টকা

Robbery

মহানগৰৰ লাচিত নগৰ সমিপত দিন দুপৰতে সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা।

জানিব পৰা মতে, বাইকত অহা দুজন দুৰ্বৃত্তই লুটি নিলে ৩ লাখ টকা।

সম্পূৰ্ণ ডকাইতিৰ ঘটনাটো পোহৰলৈ আহিছে চিচিটিভিত ৰেকৰ্ডত। এই ঘটনা সংঘটিত হয় লাচিত নগৰৰ কেএফচিৰ সন্মুখত। 

উল্লেখ্য় যে, এই বৃহৎ পৰিমাণৰ ধন বেংকত জমা কৰিবলৈ আনিছিল নবজ্যোতি গেছ এজেন্সিৰ দুজন কৰ্মচাৰীয়ে।তেনেসময়তে দুজন দুৰ্বৃত্ত বাইকত আহি কঢ়িয়াই অনা ধন খিনি কাঢ়ি লৈ যায়।

গোচৰটোৰ সন্দৰ্ভত পল্টনবজাৰ আৰক্ষী থানাত ইতিমধ্য়েই এখন এজাহাৰ দাখিল কৰা হৈছে।

আনহাতে, গুৱাহাটীত এনেধৰণৰ দিবালোক ডকাইতি সংঘটিত হোৱা এইটো প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বে গুৱাহাটীৰ ফটাশিল অঞ্চলত দুজন বাইক আৰোহী দুৰ্বৃত্তই ৩৫ লাখ টকা লুটি লৈছিল। ঘটনাটো যোৱা বছৰ ফটাশিল এইচডিএফচি বেংকৰ সন্মুখত সংঘটিত হৈছিল।

তদুপৰি, মাত্ৰ কেইদিনমান আগতে গুৱাহাটীৰ জয়নগৰ অঞ্চলত দিনৰ পোহৰত এজন লোকৰ পৰা দুচকীয়া বাহনত অহা দুৰ্বৃত্তই লুটি লৈ গৈছিল। অনিল শ্বাহ বুলি চিনাক্ত কৰা ভুক্তভোগীজনে কৈছিল যে দুৰ্বৃত্তই তেওঁৰ পৰা ২ লাখতকৈও অধিক টকা লুটি লৈ গৈছিল।

Category
Profile picture for user UB Photos