৯জনলৈ বৃদ্ধি জলপাইগুৰিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহতৰ সংখ্যা

Jalpaiguri Train Accident

জলপাইগুৰিত সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। বৃহস্পতিবাৰে সন্ধিয়া বিকানীৰ-গুৱাহাটী এক্সপ্রেছৰ ১২টাকৈ দবা লাইনচ্যুত হৈ পৰে। ৰাজস্থানৰ পৰা গুৱাহাটী অভিমুখী আহি আছিল ৰে’লখন।

ৰে’ল দুৰ্ঘটনাৰ ফলত ৯ গৰাকী যাত্রী নিহত হোৱাৰ লগতে আহত হয় ৩৬গৰাকী যাত্রী। গেছ কাটাৰেৰে দবা কাটি উদ্ধাৰ কৰা হয় আবদ্ধ যাত্ৰীসকলক। ৰে’লপথ পুনৰ মুকলি কৰাৰ বাবে এতিয়াও চলি আছে শ্বাসৰুদ্ধকৰ অভিযান। যান্ত্ৰিক বিজুতিৰ বাবেই সংঘটিত হৈছিল এই দুৰ্ঘটনা।

শুকুৰবাৰে, দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৰে’ল বিভাগে। নিৰন্তৰভাৱে পৰিস্থিতি অধ্যয়ন প্ৰধানমন্ত্ৰীৰ।

নিহতৰ পৰিয়াললৈ ৫ লাখ টকাৰ সাহায্য ঘোষণা। আহতসকললৈ ১ লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ লগতে সামান্য আঘাতপ্রাপ্ত সকলৰ বাবে ২৫ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত চৰকাৰৰ।

Category
Profile picture for user UB Photos