কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰযোগে নিশ্চিত কৰে যে তেওঁ কোভিড-১৯ত আক্ৰান্ত হৈছে। লগতে এইটোও কয় যে তেওঁৰ মৃদু লক্ষণ আছে আৰু বৰ্তমান তেওঁ হোম কোৱাৰেন্টিনৰ অধীনত আছে।
তেওঁ টুইটটোত কয়, "মই আজি মৃদু লক্ষণৰ সৈতে কোভিড-১৯ পজিটিভ হৈছো। মই হোম কোৱাৰেন্টিনৰ অধীনত আছো। অলপতে মোৰ সম্পৰ্কত অহা সকলোকে নিজকে পৃথক কৰিবলৈ আৰু পৰীক্ষা কৰিবলৈ অনুৰোধ জনাইছো।"
I have tested positive for Corona today with mild symptoms. I am under home quarantine. I request everyone who have recently come in my contact to isolate themselves and get tested.
— Rajnath Singh (@rajnathsingh) January 10, 2022
উল্লেখ্য় যে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকে ধৰি কেইবাজনো মন্ত্ৰীয়ে ভাইৰাছত আক্ৰান্ত হৈছে।
আনহাতে, ভাৰতত দ্ৰুত গতিত বিয়পি পৰিছে কোভিডৰ অমিক্ৰন ভেৰিয়ান্টৰ।
- Log in to post comments