৩ বছৰীয়া পুত্ৰক লগত লৈ মাতৃৰ আত্মহত্যা! ঘৰৰ চিলিংত ওলমি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ

suicide

এক লোমহৰ্ষক ঘটনাত, সোমবাৰে নিশা বজালী জিলাত এগৰাকী মাতৃ আৰু তেওঁৰ সন্তানক ঘৰত ওলমি থকা অৱস্থাত পোৱা গৈছে।

শিখা বৈশ্য বুলি চিনাক্ত কৰা মৃত মাতৃ গৰাকী আৰু তেওঁৰ ৩ বছৰীয়া পুত্ৰক বাঘমাৰাত তেওঁলোকৰ ঘৰৰ চিলিংত ওলমি থকা উদ্ধাৰ কৰা হৈছে।

অৱশ্যে, আত্মহত্যাৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, শিখাৰ স্বামী মৃদুল বৈশ্যই কয় যে তেওঁ যোৱা কিছুদিনৰ পৰা হতাশাগ্ৰস্ত অৱস্থাত আছিল।

উল্লেখ্য় যে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু ঘটনাসন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ কৰে।

ইফালে, মৃদুল বৈশ্যই গোচৰটোৰ সন্দৰ্ভত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

Category
Profile picture for user UB Photos