সম্পন্ন হ’ল কেবিনেট বৈঠক: কোনো শিক্ষকে ৩০ দিন ছুটী ল’লে নিযুক্তি দিয়া হ’ব আলহী শিক্ষক

Cabinet Meeting

শুকুৰবাৰে সম্পন্ন হ’ল ৰাজ্যিক কেবিনেট বৈঠক। কেবিনেটত গ্ৰহণ কৰা হ’ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সংশোধন কৰা হ’ল দুখন আইন।

এই সংশোধিত আইন দুখন হৈছে অসম আৰক্ষীৰ দায়বদ্ধতা আয়োগ আৰু অসম পশুধন আইন। তৃতীয় বৰ্গৰ চাকৰি নিযুক্তিৰ বাবেও নিযুক্ত ব’ৰ্ড গঠন কৰা হয় কেবিনেটত।

আনহাতে, শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো বিশেষ ঘোষণা। কোনো শিক্ষকে ৩০ দিন ছুটী ল’লে নিযুক্তি দিয়া হ’ব আলহী শিক্ষক। অৱসৰপ্রাপ্ত প্রধান শিক্ষকৰ ঠাইত আন এজন প্রধান শিক্ষকক নিযুক্তি দিয়া হ’ব। নিযুক্তি দিয়া প্রধান শিক্ষকৰ দৰমহা ১০ হাজাৰ টকা ধাৰ্য কৰা হৈছে।

ইয়াৰ লগতে, সুলভ মূল্যৰ দোকানৰ লাইচেন্সৰ সময়সীমা ৩ বছৰলৈ বৃদ্ধি কৰা হ’ব।

অসম আন্দোলনৰ ছহিদ ন্যাসত আছুৰ সদস্য সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ। আছুৰ ন্যাসক বছৰি ৫ কোটি টকা দিয়াৰ সিদ্ধান্ত।

ইয়াৰ লগতে কিছুমান স্থানীয় এলেকাৰ নাম সলনি কৰাৰ সিদ্ধান্ত লোৱা হয় কেবিনেটত। শীঘ্রে সলনি কৰা হ’ব চেৰাপভাটি, ডোমপাৰা আদি অঞ্চলৰ নাম।

Category