Compulsory

পুনৰ সংবাদ শিৰোনাম দখল কৰিছে উত্তৰ প্ৰদেশৰ মাদ্ৰাছাসমূহে। উত্তৰ প্ৰদেশৰ মাদ্ৰাছা শিক্ষা পৰিষদে  মাদ্ৰাছা সন্দৰ্ভত ব’ৰ্ডৰ বৈঠকত লৈছে কেইবাটাও ডাঙৰ সিদ্ধান্ত। নতুন শিক্ষাবৰ্ষৰ আৰম্ভণিৰ পৰা মাদ্ৰাছা স্কুলসমূহে পালন কৰিব লাগিব এক নতুন নিয়ম।

বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি নতুন শিক্ষাবৰ্ষৰ আৰম্ভ হোৱাৰ লগে-লগে উত্তৰপ্ৰদেশৰ মাদ্ৰাছা স্কুলসমূহত শিক্ষাৰ্থীসকলে প্ৰাৰ্থনা কৰাৰ লগতে পৰিৱেশন কৰিব লাগিব ৰাষ্ট্ৰীয় সংগীত। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পিছতহে আৰম্ভ হ’ব ক্লাছ।