আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন; ১৪টা পদৰ বাবে ৩৪গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা

Guwahati University Voting

আজি অনুষ্ঠিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ।

GU Election

বিশ্ববিদ্যালয় প্ৰাংগণত পুৱা ৯ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। সভাপতি, সাধাৰণ সম্পাদককে আদি কৰি সৰ্বমুঠ ১৪টা পদৰ বাবে অনুষ্ঠিত হৈছে নিৰ্বাচন। মুঠ ৩৪গৰাকী প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা।

GU Election 2

উল্লেখ্য যে, ইতিমধ্যে গুৰু ক্ৰীড়া বিভাগত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে সাৰমাদাও বসুমতাৰী। স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ত এতিয়া উদুলি-মুদুলি পৰিৱেশ।

Category
Profile picture for user UB Photos