অসম কেবিনেটত লোৱা হল এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত; এক কৰা হ'ব ছেবা আৰু এএইচএছইচি

Assam Cabinet

অসম কেবিনেটে বুধবাৰে মাধ্যমিক শিক্ষা পৰিষদ অসম (ছেবা) আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ (এএইচএছইচি) একত্ৰিত কৰাৰ সিদ্ধান্ত লয়।

বঙাইগাঁও উপায়ুক্ত সন্মিলন গৃহৰ কাৰ্যালয়ত অনুষ্ঠিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ পিছত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বৰ্তমান ছেবা আৰু এএইচএছইচিয়ে পৃথকে কাম কৰি আছে আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ (এনইপি ২০২০) সম্পূৰ্ণৰূপে ৰূপায়ণ কৰাৰ বাবে অসমত দুয়োখন শৈক্ষিক পৰিষদ একত্ৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

Assam Cabinet

অসম কেবিনেটে ৰাজ্যখনত ৫+৩+৩+৪ প্ৰণালী কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে।

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে, য'ত অতি সোনকালে মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণী বিলুপ্ত কৰাৰ কথা কোৱা হৈছে। ঘোষণা অনুসৰি, সকলো উচ্চ বিদ্যালয় এইচএছ বিদ্যালয়লৈ ৰূপান্তৰিত কৰা হ'ব।

প্ৰথম পৰ্যায়ত মুঠ ১০০০ খন বিদ্যালয় উচ্চতৰ মাধ্যমিক (এইচএছ) বিদ্যালয়লৈ ৰূপান্তৰিত কৰা হ'ব। আনহাতে, সকলো নিম্ন প্ৰাথমিক বিদ্যালয়ক ওচৰৰ মধ্য ইংৰাজী (এমই) বিদ্যালয়ৰ সৈতে একত্ৰিত কৰা হ'ব।

Category
Profile picture for user UB Photos